নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জানুৱাৰী : ১ ফেব্ৰুৱাৰীত বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত কেতবোৰ সামগ্ৰী বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ঘৰুৱা ক্ষেত্ৰক সকাহ দিবলৈ কিছুমান সামগ্ৰীৰ আমদানি শুল্ক বৃদ্ধি হ’ব পাৰে। যদি এয়া হয় তেনেহ’লে ইলেকট্ৰ’নিক্স, ইলেকট্ৰিকেল সামগ্ৰী, কেমিকেল আৰু হস্তশিল্পজাত সামগ্ৰী মহঙা হ’ব পাৰে।

ইফালে মোবাইল ফোন চাৰ্জাৰ, ইণ্ড্ৰাষ্ট্ৰিয়েল কেমিকেল, লেম্প, কাঠৰ ফাৰ্নিচাৰ, কেণ্ডেল, কৃত্ৰিম গহণা আৰু হেণ্ডিক্ৰাফটৰ সামগ্ৰী মহঙা হ’ব পাৰে। লগতে মোবাইল ফোনৰো দাম বাঢ়িব পাৰে।

ইয়াৰোপৰি দামৰ পৰিৱৰ্তন হব পাৰে ৰন্ধন গেছৰ । ইয়াৰ লগে লগে এয়াৰ টাৰ্বাইন ইন্ধনৰ মূল্যৰো পৰিৱৰ্তন হ’ব।