মুস্তক আহমেদ

জুৰীয়া

১৬ ডিচেম্বৰ

জুৰীয়াত বন বিভাগৰ অভিযান। চোৰাং চৰাই চিকাৰীৰ বিৰুদ্ধে চলিল বন বিভাগৰ অভিযান। অভিযানত উদ্ধাৰ পৰিভ্ৰমী চৰাইৰ লগতে চৰাই চিকাৰ কৰা বহু সা-সামগ্ৰী। পূৰ্বেও বন বিভাগে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বহু পৰিভ্ৰমী চৰাই। শীতৰ আগমনৰ লগে লগে সক্ৰিয় হৈ পৰিছে চোৰাং চৰাই চিকাৰী।

শীতৰ আগমনৰ লগে লগে দেশ-বিদেশৰ চৰাই আহি আশ্ৰয় লয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা জলাশয় সমূহত। শীতৰ এই সময়ত জলাশয় সমূহত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই সমূহক চিকাৰ কৰাৰ বাবে সক্ৰিয় হৈ পৰে একাংশ দুষ্টচক্ৰ। বিশেষকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এই দুষ্টচক্ৰ অধিক সক্ৰিয় হৈ নামি পৰে পৰিভ্ৰমী চৰাইৰ নিধনত। বন বিভাগেও এই সময়ছোৱাত এই দুষ্টচক্ৰৰ বিৰুদ্ধে তীব্রতৰ কৰি তোলে অভিযান।

এক গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ থানাৰ অন্তৰ্গত লালুং গাঁৱত বন বিভাগে পৰিভ্ৰমী চৰাই চিকাৰৰ লগত জড়িত এটা দুষ্টচক্ৰৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানত বন বিভাগে চৰাই চিকাৰ কৰা যন্ত্ৰ, বিভিন্ন চৰাইৰ মাত উলিওৱা টেপৰ ৰেকৰ্ডাৰৰ লগতে অন্যান্য সা-সামগ্ৰী জব্দ কৰে। বন বিভাগৰ অভিযানৰ খবৰ পাই চোৰাং চৰাই চিকাৰীক সকলক পলায়ন কৰিবলৈ সক্ষম হয়।

বন বিভাগে উদ্ধাৰ কৰা চৰাই কেইটাক লাওঁখোৱা অভয়াৰণ্যত এৰি দিয়ে। বন বিভাগে জানিবলৈ দিয়া মতে বিগত এমাহত বন বিভাগে বিভিন্ন গাঁৱত অভিযান চলাই চোৰাং চিকাৰীৰ কৱলৰ পৰা প্ৰায় শতাধীক চৰাই উদ্ধাৰ কৰাৰ লগতে বহুতো চৰাই মৰা সা-সজুলি জব্দ কৰিছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে বন বিভাগে লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত অভিয়ান চলাই উদ্ধাৰ কৰিছিল ১১ টাকৈ কাম চৰাই।