কুন্দন ভৰালী

নগাঁও 

১৬ ডিচেম্বৰ

নগাঁৱত আৰক্ষী আৰু ৰাইজৰ ড্ৰাগছ বিৰোধী অভিযান। বটদ্ৰৱা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক। চামগুৰিটো ৰাইজে আটক কৰিলে দুই ড্ৰাগছ আসক্ত যুৱকক। ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি ৰাইজ হাতত আটক হ’ল দুই ড্ৰাগছ আসক্ত যুৱক।

নগাঁও জিলাৰ বটদ্ৰৱা আৰু চমগুৰিত আৰক্ষী আৰু ৰাইজৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত যুৱক। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পন শইকীয়াৰ নেতৃত্বত মঙলাবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সন্মুখৰ গড়কাপ্তানি পথৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত এখন ব’লেৰ পিকআপ গাড়ীও জব্দ হয়। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে আমিৰ উদ্দিন, আশ্বাদুল ইছলাম আৰু হিচমুল বাহাৰ। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

ইফালে জিলাখনৰ চমগুৰি বজাৰৰ সমীপত ৰাইজে দুজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে। চমগুৰি বজাৰৰ সমীপত থকা বিল্লাল নামৰ এজন লোকৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি যুৱক দুজন ৰাইজৰ হাতত ধৰা পৰে। যুৱক দুজনৰ কবলৰ পৰা ৰাইজে তালাচি চলাই ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাইজে ড্ৰাগছ আসক্ত যুৱক দুজনক আৰক্ষীক গতাই দিয়ে।