বৰহাটৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, ৯ ডিচেম্বৰঃ  ভাষা-সাহিত্য যিদৰে শিক্ষা-দীক্ষা, কলা সংস্কৃতি, জীৱনধাৰণৰ মানদণ্ড, সমাজৰ প্ৰকৃত প্ৰতিচ্ছবি আৰু পৰিচয়ৰ মাপকাঠি ঠিক তেনেদৰে কোনো এটা জাতিৰ সাহিত্য সংস্কৃতি যিমানে উচ্চ খাপৰ হয় সেই জাতিৰ আচৰণ সভ্যতাও সিমানেই উচ্চ খাপৰ হয়। একেদৰেই পিটাৰ ডব্লিউ স্মিথে চাওঁতাল সকলৰ ভাষাটোৰ দক্ষিণ ভাষাবৰ্গ অষ্ট্ৰিক লেংগুৱেজ গ্ৰুপৰ লগত সম্পৰ্ক নিৰ্ণয় কৰাৰ পিছত ডি. কেম্বেল চাহাবে চাওঁতালী ভাষা ভাৰতৰ অন্যতম পুৰণি ভাষা আৰু অন্যান্য ভাষাৰ লগত তুলনাত নহয় বুলি উল্লেখ কৰি চাওঁতালী ভাষাটোৰ মুঠ ৩৫ টা নিজা বৰ্ণমালা থকাৰ কথা উল্লেখ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ২০০৩ চনৰ ২২ ডিচেম্বৰত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা দিন ধৰি চাওঁতালী সকলে উক্ত দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই দিনটো চাওঁতালী ভাষা বিজয়ী(জিৎকাৰ মাহাঁ‌)দিৱস হিচাপে পালন কৰি আহিছে। এই দিনটোৰ লগত সংগতি ৰাখি ‘সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত উজনি অসমৰ চৰাইদেউ জিলাত অহা ২২ ডিচেম্বৰত পোন্ধৰতম চাওঁতালী ভাষা বিজয়ী(জিৎকাৰ মাহাঁ‌)দিৱস উদযাপন কৰা হব। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজকে এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানতো সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোগতসকলে ৰাইজক আহ্বান জনাইছে।