বালিপাৰাৰ পৰা জয় কিশোৰ ঝা, ১০ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ বালিপাৰাৰ বামগাঁওত শনিবাৰে নিশা গুৱাহাটী নাহৰলাগুন অভুমুখী ৰেলৰ খুন্দাত ৬ তাকৈ বনৰীয়া হাতীৰ মৃত্যু হয়। শনিবাৰে নিশা প্ৰায় ১.৩০ বজাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাকে ৰেল লাইন পাৰ হবলৈ ধৰাত এই কৰুণ ঘটনা সংঘটিত হয়। বামগাওঁ চাহ বাগিচাৰ মাজত থকা ১১৩ নং গেটৰ ৰেল লাইনত তীব্ৰ বেগী গুৱাহাটী নাহৰলাগুন ৰেলৰ খুন্দাত নিহত হোৱা ৬ তাকৈ বনৰীয়া হাতীৰ মাজত এটি কণমানি পোৱালি হাতীৰ লগতে এটা গৰ্ভৱতী হাতীৰো মৃত্যু হয়। এই কৰুণ ঘটানৰ পিছত বহু সময় ধৰি ৰেল লাইনতে আবদ্ধ হৈ থাকে গুৱাহাটী নাহৰলাগুন অভিমুখী ৰেলখন। উল্লেখ্য যে শোণিতপুৰ জিলাত থকা বনাঞ্চলসমূহ অবৈধ বেদশলকাৰীৰ কবলত পৰাত বনৰীয়া জীৱ জন্তুসকলৰ বিচৰণ ভূমি সংকুচিত হৈ আহিছে। ইয়াৰ ফলস্বৰূপে বিভিন্ন সময়ত বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি এনেদৰে মৃত্যুৰ মুখত পৰিব লগা হয়। উত্তৰ পূব ৰেল বিভাগৰ তথ্য মতে ২০১৬ চনত ৰেলৰ খুন্দাত ৰাজ্যত ১৬তাকৈ হাতীৰ মৃত্যু হৈছিল আৰু ২০১৭ বৰ্তমানলৈকে ৬তাকৈ হাতীৰ ৰেলৰ খুন্দাত মৃত্যু হৈছে যদিও আজিৰ দুর্ঘটনৰ পিছত এই সংখ্যা ১২ তালৈ বৃদ্ধি হৈছে। বন বিভাগৰ তথ্য মতে ৰাজ্যত ৫,৬২০ হাতী আছে আৰু যোৱা দহ বছৰত ৰাজ্যত ৰেলৰ খুন্দা আৰু হাতী মানুহৰ সংঘাতত ২২৫তা হাতীৰ মৃত্যু হৈছে।