সুৰেণ বুঢ়াগোঁ‌হাই

চৰাইদেউ

২৮ জুলাই

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেখাতী শাখাৰ উদ্যোগত চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচা তিনি আলিত অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ।

চাহ জনজাতি কল্যাণ বিভাগৰ যোগেদি ২০১৮-২০১৯-২০২০ বৰ্ষত চাহ জনজাতিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছাইমন সিংহৰ বিশেষ ছাত্ৰবৃত্তি আঁচনি, উচ্চ শিক্ষাৰ বাবে বিশেষ বিত্তীয় সাহাৰ্য্য আঁচনি, দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ তালিকা প্ৰকাশ কৰাৰ পাছৰে পৰা বিভাগটোৰ কৰ্মকাণ্ড, মইমতালিৰ ফলত প্ৰকৃত ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰি অনা জনজাতি ছাত্ৰ ছাত্ৰীৰ নাম অন্তৰ্ভূক্ত কৰা, জি.এন.এম. পঢ়াৰ নামত জলপানিত চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰী সকলৰ নাম ৰহস্য জনক ভাৱে বাদ দিয়াৰ অভিযোগত শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰি শ্ৰমমন্ত্ৰী হায় হায়, কল্যাণ সঞ্চালক হায় হায়, ছাত্ৰ-ছাত্ৰী সকলৰ জলপানিৰ নামত ৰাজনীতি বন্ধ কৰক, প্ৰকৃত ছাত্ৰ ছাত্ৰী সকলৰ নাম অন্তৰ্ভুক্ত কৰা, শ্ৰমমন্ত্ৰী মূৰ্দাবাদ, কল্যাণ সঞ্চালক মূৰ্দাবাদ, সঞ্জয় কিষাণ গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সহদেৱ ধানোৱাৰ, সাপেখাতী শাখাৰ সভাপতি নবীন কুৰ্মি, সম্পাদক অজিত উৰাং, উপশাখাৰ ভালেসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।