আজিজুল হক

বৰপেটা 

২৮ জুলাই

কৰ’ণা ভাইৰাছ ভয়াবহ সংক্ৰমণৰ মাজতে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বানে বিভিষীকাৰ সৃষ্টি কৰিছে। বানৰ কবলত পৰা উজনিৰ-নামনিৰ কেইবাখনো জিলাৰ লাখ লাখ লোক এতিয়া আশ্ৰয় শিবিৰত। এনে ক্ষেত্ৰত ৰাজ্যৰ বানাক্ৰান্ত লোক সকলক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে দিল্লীৰ এক স্বেচ্ছাসেৱী সংস্থা “অন্তদ্যোয়া ফাউণ্ডেশ্যন”।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত লোক সকলক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়োৱাৰ পিছত সংস্থাটো মঙলবাৰে উপস্থিত হয় বৰপেটা জিলাৰ গঢ়াখহনীয়াগ্ৰস্থ অঞ্চল বহৰিত। বানৰ সমান্তৰালে গঢ়াখহনীয়াৰ কবলত পৰা বহৰিৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত সন্থাটোৱে যোগান ধৰিছে সাহায্য সমগ্রী। বানাক্ৰান্ত ৰাইজৰ সুস্বাস্থ্য কামনাৰে সংস্থাটোৱে বহৰিৰ বানাক্ৰান্ত ৰাইজৰ জীৱন জীৱিকা অৱস্থাৰ বুজ লৈ ৰাইজক চাফ-চিকুণতা বজাই ৰখাৰ বাবে আহ্বান জনায়। সন্থাটোৱে ৰাইজৰ মাজত ফেনাইল, ব্লিছিং পাউদাৰ, চাবোন, মাস্ক আদিৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। বহৰিৰ চৌধুৰীপাৰা, বামুনপাৰাৰ লগতে মথাউৰি নিবাসী প্ৰায় ১২০টা পৰিয়ালৰ মাজত এই সামগ্ৰী সমুহ বিতৰণ কৰে সন্থাটোৱে।

পূৰ্বেও দিল্লীৰ এই সংস্থাটোৱে অসমৰ ধেমাজি, শদিয়া, নলবাৰী, বাক্সা, বঙাইগাঁও আদি জিলাত বানাক্ৰান্ত ৰাইজৰ মাজত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি আহিছে। মঙলবাৰে বহৰিত বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণী কাৰ্যসূচীৰ উদ্বোধন কৰে অন্তদ্যোয়া ফাউণ্ডেশ্যনৰ চি ই অ জগদীশ বিষ্ণই। কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংস্থাটোৰ বি টি অ মিন্টু শইকীয়া, বহৰিৰ গাঁওবুঢ়া জয়ন্ত দাস, পঞ্চায়ত সভাপতি পূণ্য দাস আৰু পিৰামল ফাউণ্ডেশ্যনৰ বি টি অ বিৰেন দাসে।