যতীন নাথ

মাজবাট 

২৮ জুলাই

বি টি চি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ওদালগুৰি জিলাত পঞ্চমবাৰৰ বাবে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ। নিৰ্বাচনৰ পূৰ্বে জিলাখনত এইদৰে উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰক লৈ জিলাবাসী সংকাত ভুগিছে।

বি চি টি এফাল বলিছে নিৰ্বাচনী গৰম বতাহ আৰু আনফালে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বি টি চিত উদ্ধাৰ হৈ আছে অস্ত্ৰ ভাণ্ডাৰ। বি টি চিৰ ওদালগুৰি জিলাত সোমবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত পঞ্চমবাৰৰ বাবে উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। আৰক্ষী সুত্ৰে জানিব পৰা মতে জিলাখনৰ মাজবাটৰ অন্তৰ্গত দেওচানী গাঁৱৰ পগলা নদীৰ নিকতবৰ্তী এখন হাবিত মাটিত পুতি থোৱা অৱস্থাত তিনিটা এ কে-৫৬ ৰাইফল, তিনিটা মেগজিন আৰু ২০টা এ কে চিৰিজৰ সজিৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো আৰু আৰক্ষী বিষয়া মইদুল ইছলামৰ নেতৃত্বত ৰৌতা আৰু মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত আৰক্ষীৰ এটছ দলে সোমবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। বি টি চি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত সমগ্ৰ বি টি চি অঞ্চলত সঘনাই অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ লগতে ওদালগুৰি জিলাতো যোৱা কিছুদিনৰ ভিতৰতে পঞ্চমবাৰৰ বাবে এনেধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাকলৈ অঞ্চলবাসী অজান সংকাত ভুগিছে।

উল্লেখ্য যে যোৱা ১৯ জুলাইত ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত ২ নং ঘাগ্ৰাৰ মাজখুটি গাঁৱত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে দুটা একে-৫৬ ৰাইফল, দুটা একে-৪৭ ৰাইফল, ৪ টা মেগজিন, ১৭ জাই এছ এল আৰৰ সজীৱ গুলী আৰু ২০৩ জাই একে চিৰিজৰ ৰাইফলৰ সজীৱ গুলী উদ্ধাৰ কৰিছিল।