কুন্দন ভৰালী

নগাঁও

৩ ডিচেম্বৰ

নগাঁৱত উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস। প্ৰতিবন্ধীসকলক প্ৰতি মাহে চৰকাৰে প্ৰদান কৰিব এহেজাৰকৈ টকা।

বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস। ১৯৯২ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত ৩ ডিচেম্বৰ তাৰিখটোক বিশ্ব প্রতিবন্ধী দিৱস হিচাপে পালন কৰি অহা হৈছে৷ বিশেষভাৱে সক্ষম লোকসকলৰ প্রতি সহমর্মিতা আৰু সহযোগিতা প্রদর্শনৰ লগতে তেওঁলোকৰ কৰ্মৰাজিৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যৰে এই দিৱস পালন কৰা হয়। নগাঁৱত বৃহস্পতিবাৰে বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে নগাওঁ জিলা প্ৰশাসন, সমাজ কল্যান বিভাগ আৰু নগাঁও শ্ৰীমন্ত্ৰ শংকৰ মিচনৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱসত প্ৰকৃত প্ৰতিবন্ধীসকলক চিনাক্ত কৰি সেইসকলক মানপত্ৰ প্ৰদান কৰে যাতে তেওঁলোকে চৰকাৰী সা-সুবিধা সমূহ লাভ কৰিব পাৰে।

এই অনুষ্ঠানত নগাঁৱৰ উপায়ুক্ত কভিথা পদ্মনাভন, সমাজ কল্যান বিভাগৰ অতিৰিক্ত উপায়ুক্তৰ লগতে উপস্থিত থাকে কেবাগৰাকী বিশিষ্ট ব্যক্তি। প্ৰতিবন্ধীসকলক প্ৰতি মাহে চৰকাৰে এহেজাৰকৈ টকা প্ৰদান কৰিব বুলিও অনুষ্ঠানত জানিবলৈ দিয়ে শ্ৰীমন্ত শংকৰ মিশ্যনৰ সম্পাদক বল্লদেৱ শৰ্মাই।