মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ১২ জুন : ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত শুকুৰবাৰে দিনৰ ১২ মান বজাত এক অগ্নিকাণ্ড সংঘটিত হয়।কোৱাৰেন্টাইন শিৱিৰত থকা বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন শিৱিৰৰ পৰা যাবলৈ নিদিয়াৰ বাবে শিৱিৰত থকা লোক সকলে অগ্নিকাণ্ডটি সংঘটিত কৰে ।

মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত কোৱাৰেন্টাইন হৈ থকা বহিঃৰাজ্যৰ পৰা অহা কিছুমান লোকক শিবিৰৰ পৰা যাবলৈ নিদিয়াত শিবিৰৰ ভিতৰত থকা লোক সকল উত্তেজিত হৈ শিবিৰত থকা পাঁচ খন বিছনা জ্বলাই দিয়াৰ লগতে বাহিৰৰ গেট ভাঙি ওলাই অহাৰ চেষ্টা কৰে। শিবিৰত থকা লোক সকলে লগতে শিলগুটিও নিক্ষেপ কৰি পৰিবেশ উত্তেজিত কৰি তুলে। পৰিস্থিতি অধিক উত্তেজিত হোৱা দেখি মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাস, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে আৰক্ষী প্ৰশাসনৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰাৰ লগতে উত্তেজিত লোক সকলক শান্ত কৰি কোৱাৰেন্টাইন শিৱিৰৰ ভিতৰলৈ যাবলৈ দিয়া হয় । বৰ্তমান মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত বহিঃৰাজ্যৰ পৰা অহা ৭৭ গৰাকী লোক কোৱাৰেন্টাইন হৈ আছে।

ইফালে শুকুৰবাৰে মাজবাটত চাৰি জন লোকৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰাত মাজবাটত আক্রান্তৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে। আক্রান্ত লোক সকলৰ তিনিজন মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত থকা ক্ৰমে হৰিশিঙা আৰক্ষী থানাৰ এলেকাৰ কোৰামোৰ চাহ বাগিছাৰ অৰ্জন মুণ্ডা, পানেৰী আৰক্ষী থানাৰ এলেকাৰ ভূটিয়াচাংৰ মাকুন ৰাজপুত, ওৰাং আৰক্ষী থানাৰ এলেকাৰ ১ নং শইকীয়া চুবুৰী গাঁৱৰ অজয় পাল আৰু আনজন মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত গছেন পুৰৰ নিলমণি হেমৰূম বুলি জানিব পৰা গৈছে। স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে নিলমণি হেমৰূম নামৰ মহিলা গৰাকী সাত মাহৰ গৰ্ভৱতী।