আনোৱাৰ হুছেইন

গৰৈমাৰী

১৪ জুলাই

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিত কালৰূপ ধাৰণ কৰিছে মহাবহু ব্ৰহ্মপুত্ৰই। উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কৱলত পৰি জলমগ্ন হৈ পৰিছে ছয়গাঁও সমষ্টিৰ বিস্তীৰ্ণ এলেকা। বানৰ কৱলত পৰা বানাক্ৰান্ত ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। টিঙৰ চালিৰ তলত বসবাস কৰিবলৈ বাধ্য বানাক্ৰান্ত ৰাইজ।

ৰাজ্যত ক্ৰমাৎ ভয়াবহ দিশে গতি কৰিছে বান পৰিস্থিতিয়ে। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ কেইবাখনো জিলাৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকা ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত ডুব যোৱাত ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে হাজাৰ হাজাৰ লোক। কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বানপানীয়ে ভয়াবহৰূপ ধাৰণ কৰাত বানাক্ৰান্ত ৰাইজ তীব্ৰ খাদ্য সংকটত ভূগিবলগীয়া হৈছে। এনে জটিল সময়ত ছয়গাঁও সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, তথা ছয়গাঁও সমষ্টিৰ আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাক। প্ৰতিকূল বতৰকো নেওচি নেতা গৰকীয়ে যন্তচালিত নাৱৰে আচলপাৰা পঞ্চায়তৰ এলেকাধীন বিভিন্ন অঞ্চলত উপস্থিত হৈ বানক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অঞ্চল সমূহৰ কিশোৰ কিশোৰী সকলক বিস্কুট, বিশুদ্ধ খোৱা পানীৰ যোগান ধৰে। বানৰ কৱলত পৰি গুমি নগৰবেৰা ই এণ্ড ডি মথাউৰিস্থিত টপাৰ পথাৰত বসবাস কৰা ৰাইজৰ লগতে অঞ্চলটোত থকা বিভিন্ন আশ্ৰয় শিবিৰৰ বানাক্ৰান্ত ৰাইজৰ লগতো মত বিনিময় কৰে নেতা গৰাকী।

বানত কক-বকাই থকা অঞ্চল পৰিভ্ৰমণ কৰি শীঘ্ৰেই বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে আব্দুৰ ৰেজ্জাকে। পঞ্চায়ত সভাপতি তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰেজ্জাকক এই পৰিভ্ৰমণ কাৰ্যসূচীত সংগ দিয়ে পূৱ ছমৰীয়া জিলা পৰিষদৰ সদস্য মজিদা খাতুনৰ স্বামী আবুল হুছেইনে।