নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰী : তৃতীয় বড়ো শান্তি চুক্তিৰ পিছত বড়োভূমিলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী৷ ৭ ফেব্ৰুৱাৰীত আহিব প্ৰধানমন্ত্ৰী গৰাকী। ইতিমধ্যে আৰম্ভ কৰা হৈছে কোকৰাঝাৰৰ জংক্ৰিথাই পথাৰত প্ৰস্তুতি।

বিজয় উৎসৱ নাম দিয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ এন ডি এফ বিৰ গোবিন্দ বসুমতাৰী, ৰঞ্জন দৈমাৰী, ধীৰেন বড়ো আৰু বি ছাৰাইগৗৰাৰ লগতে এবছুৰ সৈতে বিগত ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা বড়ো চুক্তিৰ পিছত সকলোৱে আশা কৰিছে যে বড়ো অধ্যুষিত অঞ্চলত স্থাপন হ’ব স্থায়ী শান্তি৷

ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী তথা বিজয় উৎসৱত সকলোৱে যাতে অংশগ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি বড়োভূমিৰ চাৰিওখন জিলাৰ চৰকাৰী কাৰ্যালয় সেইদিনা বন্ধ থাকিব৷ বন্ধ থাকিব বড়োভূমিৰ সকলো স্কুল-কলেজ৷