গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মাৰ্চ: মহিলাসকলৰ সাজ-পাৰ যোগানত ধৰাত বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰা মাল্টি ডিজাইনাৰ হোৱাইট মগ্ৰাই ২০২০ বৰ্ষৰ মাৰ্চ মাহত এটা বছৰ সম্পূৰ্ণ সফলতাৰে অতিক্ৰম কৰে আৰু সেই উপলক্ষে ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ তিনিদিনীয়াকৈ বৰ্ষপূতি অনুষ্ঠানৰ আয়োজন কৰে ডিজাইনাৰ ষ্ট’ৰটোৱে।

বৰ্ষপূতি অনুষ্ঠানৰ প্ৰথম দিনাখন অৰ্থাৎ ১৫ মাৰ্চত মহানগৰীৰ বৰা ছাৰ্ভিচস্থিত আনন্দ ভৱনৰ প্ৰথম মহলাত থকা মাল্টি ডিজাইনাৰত গ্ৰাহকৰ বাবে আগবঢ়াই এক বিশেষ ৰেহাই ব্যৱস্থা। ৰেহাই ব্যৱস্থা অনুসৰি ৫ হাজাৰ টকা বা তাতোকৈ অধিক মূল্যৰ সাজ-পাৰ ক্ৰয় কৰিলে লাভ কৰিব বিশেষ পুৰস্কাৰ। ১৫ মাৰ্চ তাৰিখৰ পৰা বৰ্ষপূতি অনুষ্ঠান উপলক্ষে হোৱাইট মগ্ৰাৰ সমূহ সদস্য ষ্ট’ৰতে ল’গ হৈ আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ।তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ষপূতি অনুষ্ঠানটোত অন্তিম দিনা অথবা ১৭ মাৰ্চত উপলব্ধ হয় ফেচন ডিজাইনাৰ অদিতি আগৰৱালাৰ ডিজাইনা কৰা সাজ-পাৰ সমূহ। উল্লেখযোগ্য যে কেৱল উৎসৱ পাৰ্বনৰ বাবে প্ৰয়োজনীয় সাজ-পোছাকে নহয় গ্ৰাহকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সাজ-পোছাকত বহুতো নতুনত্বৰ সংযোজন ঘটাই গ্ৰাহকৰ বাবে বৰ্তমানলৈ মুকলি কৰি দি আহিছে হোৱাইট মগ্ৰা ওৰফে ডব্লিউ এমে। মহিলাৰ ৰূপ সজ্জা, ফুটৱেৰ, গহনাৰ লগতে মূলমূল, ইশ্বা আমিন, কাপৰাহা, নয়নতৰা ঈশ্বনায়া, বোমবেলবী, ইশ্বৰা, গাৰ্গী গুপ্তা, আৱাৰ লাভ, প্ৰেৰণা গুপ্তা, কোপাৰ ধুতি, আৰাধ্য, আৰ্চনা শ্বাহ, জয়পূৰ ষ্টৰী, অড়ী টু অ’ড়, ডিউটি বেগ, জেবাকে ধৰি বিভিন্ন ডিজাইনাৰৰ কাপোৰ উপলব্ধ হয় হোৱাইট মগ্রা চমুকৈ ডব্লিউ এমত।

ইয়াৰ উপৰিও গ্ৰাহকৰ বাজেট অনুযায়ী উন্নতমানৰ সাজ-পোছাক ক্ৰয় কৰাত গ্ৰাহকক বিশেষভাবে সুবিধা প্ৰদান কৰি আহিছে হোৱাইট হাউচ মগ্রা ওৰফে ডব্লিউ এমে।শশী জৈন, নন্দিনী ছাৰাবাগী, নিধি জৈন আৰু ছালনী জৈনৰ প্ৰচেষ্টাত জন্মলাভ কৰা হোৱাইট মগ্ৰাই ইতিমধ্যে গ্ৰাহকৰ পৰা লাভ কৰিছে বিশেষ সমাদৰ ।