নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ মাৰ্চ : প্ৰাক্তন কংগ্ৰেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপি গমনৰ পিছতে বিপদত পৰিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছ চৰকাৰক।সোমবাৰে মধ্যপ্ৰদেশৰ বিধানসভা বাজেট অধিবেশন আৰম্ভ হয় যদিও কৰ’ণা ভাইৰাছৰ লগতে সদনত হোৱা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি অধ্যক্ষই অহা ২৬ মাৰ্চ পৰ্যন্ত স্থগিত কৰে সদন।

বিধানসভাত বিৰোধী বিজেপিয়ে আস্থা ভোটৰ দাবী কৰিছিল যদিও বিধানসভাৰ কাৰ্যকমনিকাত আস্থা ভোটৰ কথা উল্লেখ নথকাৰ ফলত সদনত এক হুলস্থুলৰ সৃষ্টি হয়।
ইয়াৰ পিছতে এতিয়া আস্থাভোট বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিৰোধী পাৰ্টি বিজেপি।

আগন্তক ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ বিধানসভাত আস্থা ভোট বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিজেপি। এই সন্দৰ্ভত মঙলবাৰে  উচ্চতম ন্যায়ালয়ত হ’ব শুনানি।