গুৱাহাটী, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰীঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ভাল খবৰ, ‘ভগা খিৰিকীৰে’ অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ প্ৰৱেশ কৰিছে বলীউডৰ চলচ্চিত্ৰ কোম্পানী। এইবাৰ অসমীয়া ছবি প্ৰযোজনাৰ বাবে আগবাঢ়ি আহিছে বলীউডৰ মোহময়ী অভিনেত্ৰী তথা অসমৰ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰা। পোন প্ৰথমবাৰৰ বাবে মুম্বাইস্থিত চলচ্চিত্ৰ কোম্পানী অসমৰ পটভূমিত অসমীয়া ভাষাত নিৰ্মান কৰিব খোজা ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ লগতে প্ৰিয়ংকা মাতৃ মধু চোপ্ৰা আৰু মুম্বাইত প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজক অসম সন্তান শ্বাহনাব আলম। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা অসম গৌৰৱ জাহ্নু বৰুৱা পৰিচালনা কৰা ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত অসম পৰ্যটন উন্নয়ন নিগমে যথেষ্ট সহায় আগবঢ়াইছে। ‘ভগা খিৰিকী’ নামৰ ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বাবে নাম ৰখা হৈছে ‘ব্ৰকেন উইণ্ড’ যত ‘ব্ৰেণ্ডিত কুইন’ খ্যাত অভিনেত্ৰী সীমা বিশ্বাসৰ লগতে অভিনয় কৰিছে জেৰিফা ৱাহিদ, জনপ্ৰিয় অভিনেতা জয় কাশ্যপ, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেতা বিষ্ণু খাৰঘৰীয়া, সঞ্জয় খাৰঘৰীয়া, কাছভী শৰ্মা আৰু বলীউডৰ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ ভতিজা মহম্মদ আলী শ্বাহ। পাৰপল পিবল পিকচ্চাৰছ আৰু ইষ্টাৰলী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত ছবিখন ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক যশস্বী চলচ্চিত্ৰ নিৰ্মাতা পদ্মভূষণ জাহ্নু বৰুৱাই সম্পূৰ্ণ চাৰি বছৰ বিৰতিৰ অন্তত এক সত্য ঘটনাৰ ওপৰত নিৰ্মান কৰা ‘ভগা খিৰিকী’ৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ছবিখন পৰিচালনা কৰাৰ উপৰি জাহ্নু বৰুৱাই ছবিখনৰ কাহিনী, চিত্ৰনাট্যও তৈয়াৰ কৰিছে। ছবিখনৰ বেছিভাগ দৃশ্যগ্ৰহণ কাজিৰঙাৰ লগতে বোকাখাত আৰু গুৱাহাটীত কৰা হৈছে। ইষ্টাৰলী এণ্টাৰটেইনমেণ্টৰ বেনাৰত শ্বাহনাব আলম আৰু পাৰপল পিবল পিকচ্চাৰছৰ হৈ প্ৰিয়ংকা চোপ্ৰা আৰু প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে।
‘ভগা খিৰিকী’ৰে অসমীয়া ছবি জগতলৈ প্ৰৱেশ বলীউডৰ চলচ্চিত্ৰ কোম্পানীৰ
In কলা-সংস্কৃতি
You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি
গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি
Read More...
অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ
Read More...
বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা
আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন
Read More...