কুন্দন ভৰালী

নগাঁও

১৯ ডিচেম্বৰ

নগাঁৱত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। শুকুৰবাৰে মাজনিশা নগাঁও আৰক্ষীয়ে পুনৰ ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ। বিগত সময়ছোৱাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই নগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে কেইবাগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক।

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত শুকুৰবাৰে মাজনিশা আৰক্ষীয়ে পুনৰ এক ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ। নিশা নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনা আৰু নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাস আৰু হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদূৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় নগাঁৱৰ টাউন টেলিয়াগাঁৱত। নগাঁৱৰ ম’হখুলিৰ আজগৰ আলী নামৰ এজন লোকে দীৰ্ঘদিন ধৰি নিজ ভাড়াঘৰৰ পৰাই ড্ৰাগছ সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজগৰ আলীৰ ভাড়াঘৰত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে আৰক্ষীৰ দলটোৱে অভিযুক্ত আজগৰ আলীকো আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে নগাঁৱৰ বিভিন্ন অঞ্চলত বিগত সময়ছোৱাত নিচাজাতীয় সামগ্ৰীৰ বেয়া ব্যাপক হাৰত বৃদ্ধি পাইছে। নগাঁও আৰক্ষীয়ে নগাঁও জিলাখনক নিচাজাতীয় সামগ্ৰী মুক্ত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে বিভিন্ন সময়ত জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰাৰ লগতে এই অবৈধ বেহাৰ লগত জড়িত বহু লোকক আটক কৰিছে।