গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ: নগাঁৱৰ দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত জাকিৰ হুছেইনৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীয়ে ঘোষণা কৰিছে পুৰস্কাৰ। জাকিৰ হুছেইনৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীয়ে ৫০ হাজাৰ টকা পুৰস্কাৰ ঘোষণা কৰিছে। নগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইন পলাতক অৱস্থাত আছে।উল্লেখ্য যে, শুক্ৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত এগৰাকী ১৩ বছৰীয়া নাবালিকাক দলৱদ্ধ ধৰ্ষণ কৰি কেৰাচিন তেল ঢালি হত্যাৰ কৰিছিল তিনিজনকৈ ধর্ষণকাৰীয়ে। ঘৰত কোনো নথকাৰ সুযোগলৈ একেখন অঞ্চলৰে তিনি পাষণ্ডই ১৩ বছৰীয়া নাবালিকা গৰাকীক ঘৰৰ পৰা পথাৰলৈ উলিয়াই আনি দলৱদ্ধ ধৰ্ষণ কৰি গাত কেৰাচিন তেল ঢালি জ্বলাই দিছিল। শৰীৰৰ ৯০ শতাংশ অগ্নিদগ্ধ হোৱা কিশোৰী গৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ অনাৰ পথতে মৃত্যু হৈছিল। এনে জঘন্য কাণ্ড সংঘটিত কৰি তিনি নৰপিশাচ ক্ৰমে জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হক নিজৰ নিজৰ পৰিয়ালসহ পলায়ন কৰে যিদিও আৰক্ষীয়ে এমদাদুল হক আৰু ৰুহুল আমিনক গ্ৰেপ্তাৰ কৰে কিন্তু মূল অভিযুক্ত জাকিৰ হুছেইনক আৰক্ষীয়ে বৰ্তমানেও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।