আজিজ আলী

নলবাৰী

১২ অক্টোবৰ

অসমৰ প্ৰৱীণ ৰাজনীতিবিদ, বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভুমিধৰ বৰ্মনে সোমবাৰে ভৰি দিলে ৯০ বছৰ বয়সত৷ ১৯৩১ চনৰ ১২ অক্টোবৰত জন্মগ্ৰহন কৰা ডা: বৰ্মনে নলবাৰী জিলাৰ বেলশৰৰ নিজ গৃহত ৯০ সংখ্যক জন্মদিন উদযাপন কৰে।

বেলশৰৰ গৃহত ভুমিধৰ বৰ্মনে পুৱা গছ পুলি ৰোপনেৰে আৰম্ভ কৰে বিশেষ দিনটোৰ কাৰ্য্যসুচী৷ ইয়াৰ পিছতে তেখেতৰ পিতৃৰ নামত থকা ভকতৰামৰ পুখুৰীত মৎস্যক আধাৰ প্ৰদান কৰে ডা: বৰ্মনে ৷ পৰবৰ্তী সময়ত বেলশৰৰ গৃহত গীত পাঠ আৰু বিষ্ণু পুজাত বহে ডা: বৰ্মনে৷ বিষ্ণু পুজাৰ হোম যজ্ঞত বহি ডা: বৰ্মনে দেশবাসীক অন্যায় আৰু অধৰ্মৰ পৰাও ৰক্ষা পাবলৈ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায় বুলি জানিবলৈ দিয়ে৷ জন্মদিনটোৰ দিনাই দেশৰ প্ৰতিজন নাগৰিকক ধৰ্ম আৰু সত্যত থাকি দেশবাসীৰ হকে সেৱা আগবঢ়াই জানিবলৈ আহ্বান জনাই৷ গান্ধীবাদী নেতা ডা: ভুমিধৰ বৰ্মনে মহাত্মা গান্ধীৰ নীতি আদৰ্শ আখৰে, আখৰে পালন কৰি আগন্তক দিন কেইটাও দৰিদ্ৰ জনগণৰ সেৱা কৰি জীৱন অতিবাহিত কৰাৰ প্ৰৱল ইচ্ছা বুলি মত পোষণ কৰে৷ ডা: বৰ্মনে ৯০ সংখ্যক জন্মদিনটোত বেলশৰৰ চাৰি বিঘা ভুমিত ২০ লক্ষ্যাধিক টকাৰে “ভকতৰাম মাথোপ্ৰিয়া সেৱাশ্ৰম“ নামেৰে এখন ভক্তি চৰ্চা আশ্ৰম খুলিব বুলিও জানিবলৈ দিয়ে৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ জন্মদিনটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি বিভিন্নজন লোকে টেলিফোনযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে বুলি জানিবলৈ দিয়ে৷ অন্যহাতে ভুমিধৰ বৰ্মনৰ বেলশৰৰ গৃহলৈ পুৱাৰে পৰা প্ৰৱীণ ৰাজনীতিবিদ গৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ সোত বয় জিলাখনৰ কংগ্ৰেছ নেতা কৰ্মী সকলৰ৷ ইপিনে বৰক্ষেত্ৰীৰ
কাপলাবড়ীতো ডা: ভুমিধৰ বৰ্মনৰ ৯০ সংখ্যক ওপজা দিন পালন কৰে কংগ্ৰেছ নেতা-কৰ্মী সকলে৷