ৰঙিয়া, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ ৰঙিয়া নগৰৰ চেপ্তিত শনিবাৰে সেনা আৰু আৰক্ষীয়ে এক যৌথ অভিযান চলাই অস্ত্ৰসহ দুই দুৰ্ধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত দুজনৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৪ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে। আটকাধীন ডকাইত দুজন দক্ষিণ শালমাৰাৰ জাকিৰ হুছেইন আৰু দক্ষিণ কামৰূপৰ নগৰবেৰাৰ ইব্ৰাহিম আলী বুলি জানিব পৰা গৈছে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু সেনাই অভিযান চলাই ৰঙিয়াৰ মৰাণজানাৰ পৰা ডকাইত দুজনক আটক কৰে। ডকাইত দুজন ৰাজ্যৰ বিভিন ঠাইত চুৰি ডকাইতি কাণ্ডৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।