মুস্তাক আহমেদ

জুৰীয়া

১৭ নৱেম্বৰ

জুৰিয়াত মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি নিৰুদ্দেশ। পৰিয়ালৰ মাজত হাহাকাৰ৷ ৮-৯ দিন মান পূৰ্বে ৫০০ টকালৈ হাজোলৈ ওলাই যোৱা ব্যক্তি জনৰ বৰ্তমানলৈকে কোনো সন্ধান নাই।

নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বগৰিগুৰি গাঁৱৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত ব্যক্তি নিৰুদ্দেশ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, বাগৰিগুৰি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত ব্যক্তিজন মৃত আব্দুল হাইৰ পুত্ৰ আবু শ্বহীদ। প্ৰায় ৮-৯ মান পূৰ্বে ব্যক্তিজন ঘৰৰ পৰা ৫০০ টকা লৈ হাজোত ধৰ্মীয় কামৰ বাবে ঘৰৰ পৰা উলাই যায় যদিও বৰ্তমানলৈকে ব্যক্তিজন ঘৰলৈ উভতি অহা নাই৷ পৰিয়ালৰ লোকে বহু ঠাইত ব্যক্তি জনক বিচাৰিছিল যদিওঁ কোনো সন্ধান পোহৰলৈ অহা নাই ব্যক্তিজনৰ৷ ৫ গৰাকী পুত্ৰ-কন্যাই ব্যক্তিজনক বিচাৰি হাহাকাৰ কৰি থকা পৰিলক্ষিত হৈছে। প্ৰায় ৬০ বছৰীয়া ব্যক্তিজনক পিন্ধনত লং পেন্ট, জেকেট আৰু মূৰত গামোচা আছে৷

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জুৰিয়া আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে৷ যদি কোনোবা সদাহয় ব্যাক্তিয়ে নিৰুদ্দেশ ব্যক্তিজনৰ কোনো সন্ধান পাই তেন্তে পৰিয়ালৰ লোকে এই দুটা নাম্বাৰত ৭৪৯৯৯৮২৭৯০, ৯৯৯৫১০২১৮৪ যোগাযোগ কৰিবলৈ কাতৰ আহব্বান জনাইছে।