আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

১৭ নৱেম্বৰ

মানকাচৰত ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ১৭ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অসম-মেঘালয়ৰ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ আহ্বানত ১২ ঘন্টীয়া বন্ধ। অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলোৰ ওপৰত মেঘালয় প্ৰশাসনৰ অমানৱীয় তথা বেআইনী বাধা নিষেধ আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ চূড়ান্ত উদাসীনতাৰ বিৰুদ্ধে ১২ ঘন্টীয়া বন্ধ।

অসম-মেঘালয়ৰ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই ১৭ নৱেম্বৰত আহ্বান জনোৱা ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে মানকাচৰত। বন্ধৰ ফলত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন ঠাইত মানুহৰ চলাচল শূন্য হৈ পৰাৰ লগতে সম্পুৰ্ণৰূপে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ। লক্ষ্যণীয় বিষয় যে কৰ’ণা ভাইৰাছৰ দোহাই দি মেঘালয় চৰকাৰে অসমৰ মানুহৰ ওপৰত বিভিন্ন ধৰণৰ হাৰাশাস্তি চলাই।থকাৰ অভিযোগ উত্থাপিত কৰি অসম-মেঘালয়ৰ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই বন্ধৰ আহ্বান জনায়।

মেঘালয়ৰ চৰকাৰৰ হাৰাশাস্তিৰ ফলত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন ঠাইৰ ক্ষুদ্ৰ ব্যৱসায়ী সকল বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। শেহতীয়াকৈ মেঘালয় তথা অসম চৰকাৰে ইয়াকলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্ত্তী সময়ত হে হ’ব লক্ষ্যণীয়।