ধুবুৰী

১৩ নৱেম্বৰ

ধুবুৰীত দুৰ্বৃত্তই লুটি নিলে ১৯ লাখ টকা। মছজিদৰ পৰা টকাৰ বেগ লুটি নিলে দুৰ্বৃত্তই। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ধুবুৰী চহৰত। মছজিদত শুকুৰবাৰৰ নামাজ পঢ়িবলৈ অহা এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে টকা ভৰ্তি বেগ।

ধুবুৰী চহৰত দুৰ্বৃত্তৰ লুটৰাজ। এইবাৰ মুঠ ১৯ লাখ টকাৰ বেগ লুটি নিলে দুৰ্বৃত্তই। জানিব পৰা মতে, ধুবুৰী চহৰৰ বালুৰচৰ মছজিদত শুকুৰবাৰৰ নামাজৰ বাবে মছজিদত বহু সংখ্যক লোকৰ আগমন ঘটে। তেনে সময়তে দক্ষিণ শালমাৰাৰ চায়েদ আলী নামৰ এজন নাৱৰীয়াই বেগৰ ভিতৰত ১৯ লাখ ৪ হাজাৰ টকা লৈ আজু কৰিবলৈ যায়। কাষতে টকাৰ বেগখন থৈ আজু কৰিবলৈ লওঁতেই পিছ ফালৰ পৰা টকাৰ বেগখন লৈ উধাও হয় অচিনাক্ত দুৰ্বৃত্তই। ইপিনে টকাখিনি লৈ যোৱাৰ পিছতেই লোকজনে চিঞৰ বাখৰ কৰে আৰু ইফাল সিফাল বিচাৰি ফুৰে যদিওঁ দুৰ্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম নহয়। খবৰ পাই ধুবুৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইপিনে ভুক্তভোগী নাৱৰীয়া চায়েদ আলীয়ে কোৱা মতে, শুকুৰবাৰৰ নামাজৰ পূৰ্বে প্ৰায় এঘাৰ মান বজাত কোনোবাই কাপোৰত বান্দৰ কেঁকোৰা ছটিয়াই দিয়াৰ সন্দেহ কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতেই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।

চায়েদ আলী নামৰ নাৱৰীয়াই জনোৱা মতে, তেওঁ দীৰ্ঘদিন ধৰি দক্ষিণ শালমাৰাৰ বিভিন্ন ব্যৱসায়ী তথা দোকানীৰ লাগতিয়াল খৰচ সমূহ ধুবুৰীৰ পৰা ক্ৰয় কৰি নি যোগান ধৰি আহিছিল। সেইদৰে শুকুৰবাৰেও বিভিন্ন ব্যৱসায়ীৰ খৰচ ক্ৰয়ৰ বাবে টকাখিনি সংগ্ৰহ কৰি ধুবুৰীলৈ আহিল চায়েদ আলী।