গুৱাহাটী 

৩ আগষ্ট

জালুকবাৰী আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক। বিয়াৰ প্ৰলোভনেৰে প্ৰৱঞ্চকটোৱে এগৰাকী যুৱতীৰ পৰা সৰকাই আহিছিল ধন। অনলাইন বিবাহ ৱেবছাইট যোগে চিনাকি হৈছিল দুয়ো। এতিয়া ৰঙা ঘৰৰ আলহী প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়।

অনলাইন বিবাহ ৱেবছাইট যোগে ধৰ্মেশ্বৰ ৰয় নামৰ যুৱক জনৰ লগত চিনাকি হৈছেল এগৰাকী যুৱতী। চিনাকিৰ পিছত নানা প্ৰলোভন দি যুৱতী গৰাকীক প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰস্তাৱ দিছিল ধৰ্মেশ্বৰ ৰয়ে। যুৱতী গৰাকীও লাহে লাহে বিশ্বাসত ল’বলৈ আৰম্ভ কৰিলে যুৱকজনক। যুৱতী গৰাকীৰ বিশ্বাস জয় কৰিয়ে বিভিন্ন অজুহাতত যুৱতী গৰাকীৰ পৰা ধৰ্মেশ্বৰ ৰয়ে সৰকাই নিয়ে প্ৰায় ৭৫ হাজাৰ টকা। ধন সৰকাই প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ৰ ধন উভতাই দিয়াৰ কোনো ধৰণৰ ইচ্ছা নেদেখি যুৱতী গৰাকীয়ে প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ৰ সকলো ভুৱা কামকাজ ধৰা পেলাই। ভুৱা পৰিচয় দি যুৱতী সকলক প্ৰেমৰ জালত পেলাই ধন সৰকাই নিয়া ধৰ্মেশ্বৰ ৰয়ৰ পেছা। প্ৰৱঞ্চনাৰ বলি হোৱা যুৱতী গৰাকীক নিজৰ নাম জিতু ফুকন আৰু স্বাস্থ্য বিভাগৰ সঞ্চালক বুলি উল্লেখ কৰিছিল প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ে। বাইহাটাৰ বাসিন্দা ধৰ্মেশ্বৰ ৰয় প্ৰকৃততে এগৰাকী মেকানিক।

ভুক্তভোগী যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত দেওবাৰে জালুকবাৰী আৰক্ষীয়ে লাচিত নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ক। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে পূৰ্বেও দুবাৰকৈ জেলৰ ভাত খাইছিল প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়।