নাগালেণ্ড, সংবাদ ৩৬৫, ৩ মাৰ্চ: নাগালেণ্ড বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু এনডিপিপিৰ মিত্ৰজোঁতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত নাগালেণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থীৰ দ্বাৰা আকাশত টকা উৰুৱাই আনন্দ প্ৰকাশ কৰাৰ এক ভিডিও ছোচিল মেডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নাগালেণ্ডৰ চুৰহত সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী এইচ খেহভিয়ে নিৰ্বাচনত বিজয় হোৱাৰ পিছত আকাশ ২০০০ আৰু ৫০০ টকীয়া নোটৰ উৰুৱাই আনন্দ প্ৰকাশ কৰে। প্ৰাৰ্থীজনে এখন অট্টালিকাৰ ওপৰৰ পৰা তলত থকা ব্যক্তিসকললৈ ২০০০ আৰু ৫০০ টকীয়া নোট দলিয়াই দিয়াৰ দৃশ্য ভিডিওটোত দেখা গৈছে।

ভিডিও চাবলৈ তলৰ লিংকত ক্লিক কৰক।