ডিব্ৰুগড়

২৬ নৱেম্বৰ

ডিব্ৰুগড় জিলাৰ লেপেতকটা ভয়াবহ পথ দুৰ্ঘটনা। ধেমাজি পৰা কন্যা লৈ আহোতে সংঘটিত হয় পথ দুৰ্ঘটনা। থিতাতে নিহত হয় পাঁচ জনকৈ বৰযাত্ৰী।

ধেমাজি জিলাৰ চিচি বৰগাঁৱৰ ধুনাগুৰি কলিতাগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ লেপেতকটাৰ ভগামুৰ লৈ কন্যা লৈ আহি থকা ভকতৰ বৰযাত্ৰী কঢ়িওৱা এখন বলেৰঅ’ গাড়ীৰ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় পাঁচ জনকৈ বৰযাত্ৰী। ডিব্ৰুগড়ৰ লেপেটকটাত ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত বৰযাত্ৰী কঢ়িয়াই অনা বলেৰঅ’ গাডীখনে খুন্দা মৰাত বলেৰঅ’ খনত উঠি অহা পাঁচজনকৈ লোক নিহত হয। নিহত লোক সকল হেম বৰা, মদন বৰা, জীৱক শইকীয়া, প্ৰকাশ দাস আৰু কনপাই ভূঞা বুলি জানিব পৰা গৈছে। বাহনখনত থকা আন তিনি জন লোকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ কূটোহা অভিমুখে আহি থাকোঁতেই কেপেতকটাত এই ভ‍য়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছ মুহূৰ্ত্ততে অসম চিকিৎসা মহাবিদ্যালয়লৈ যাত্ৰী কেইজনক লৈ যোৱা হৈছিল যদিও চিকিৎসকে পাঁচ জনকৈ লোকক মৃত বুলি ঘোষণা কৰে । নিহত সকলৰ ঘৰ ডিব্ৰুগড়ৰ ভগামূৰত।