কোকৰাঝাৰ, ৩ অক্টোৱৰঃ সাৰ্বভৌম বড়োলেণ্ডৰ দাবীত সশস্ত্ৰ সংগঠনেৰে আত্মপ্ৰকাশ কৰা বড়ো ছিকিউৰিটি ফৰ্চ তথা বৰ্তমানৰ এনডিএফবিয়ে ৩১তম প্ৰতিষ্ঠা দিৱস কোকৰাঝাৰ জিলাৰ কুমগুৰী, ওদালগুৰি জিলাৰ সাপেখাতি আৰু বাস্কা জিলাৰ বৰবৰীৰ ডেজিগনেট শিবিৰত পালন কৰে৷ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীৰ কুমগুৰী ডেজিগনেট শিবিৰত এনডিএফবিয়ে (প্ৰগতিশীল) দিনজোৰা কাৰ্যসূচীৰে ৩১তম প্ৰতিষ্ঠা দিৱস পালন কৰে। পুৱা এনডিএফবি (প্ৰগতিশীল) ন্যায়িক সচিৱ বি চুডেমে এনডিএফবিৰ সাংগঠনিক পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ বেদীত মাল্যৰ্পন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰে এনডিএফবি(প্ৰ)ৰ গৃহ সচিৱ এম গেৰেমাই। এম গেৰেমাই সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবীত কোনোদিনে আপোচ নকৰাৰ কথা ব্যক্ত কৰি এনডিএফবিৰ সমস্যাৰ অৰ্থবহ সমাধান নোহোৱালৈকে সংগ্ৰাম কৰি যোৱাৰ হুংকাৰ দিয়ে৷ তেওঁ সুকীয়া বড়ো ৰাজ্য কেৱল এনডিএফবিৰে(প্ৰ) দাবী নহয় বুলি দাবী কৰি বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন এবছু, পিজেএছি(বিএম) আৰু ৰঞ্জন দৈমাৰী (আলোচনাপন্থী) লগত যৌথভাৱে গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ কথা সদৰি কৰে৷ এম গেৰেমাই লগতে ২০০৫ চনৰ যুদ্ধবিৰতিৰ সময়ৰ পৰা ২০১৭ চনলৈ এনডিএফবিৰ(প্ৰ)ৰ সতে চৰকাৰে চৈধ্যবাৰকৈ আলোচনা কৰিও বড়ো সমস্যা সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি গভীৰ উদ্বেগ ব্যক্ত কৰে৷ লগতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিও চৰমভাৱে প্ৰতাৰণা কৰাৰ অভিযোগ কৰে৷  এম গেৰেমাই কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰেই এনডিএফবিৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ ৰাজনৈতিকভাৱে সমাধানৰ দাবী উৰ্থাপন কৰে৷ আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত এনডিএফবিৰ(প্ৰ) সহকাৰী প্ৰচাৰ সচিৱ আৰ ডাউখা উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ সতে যুদ্ধবিৰতিৰ বাৰ বছৰৰ সৰ্ম্পূণ হোৱাৰ পিছতো চৰকাৰে বড়ো সমস্যা সমাধানৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাত গভীৰ ক্ষোভ ব্যক্ত কৰে। তেওঁ বড়ো জনগোষ্ঠীক শোষিত, নিষ্পেষিত জনগোষ্ঠী বুলি উল্লেখ কৰি ৰাজনৈতিক আৰু সামাজিক দিশত বড়ো জনগোষ্ঠীৰ স্বকীয় পৰিচয় অটুট ৰখাৰ বাৱে শীঘ্ৰে চৰকাৰক বড়ো সমস্যা সমাধান কৰা দাবী কৰে৷ কুমগুৰীত এনডিএফবিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হয়। এনডিএফবিৰ (প্ৰ) নেশ্যনেল কাউন্সিলৰ সদস্য আৰ গৌঠালৰ পৌৰাহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম আৰু আমন্ত্ৰিত অতিথি হিচাপে বিটিচিৰ পৰিষদীয় সদস্য ৰৌণ গৌড়া নাৰ্জাৰী, মাউথি হাজোৱাৰী, গুনেশ্বৰ গয়াৰী, যতিৰিন্দ্ৰ ওৱাৰী, নিৰ্মল কুমাৰ ব্ৰক্ষ, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইচলাৰী আৰু পিজেএচি(বিএম)ৰ নেতৃবৃন্দ উপস্থিত আছিল৷ আনহাতে আলোচনাপন্থী এনডিএফবিৰ ৰঞ্জন দৈমাৰী নেতৃত্বাধীন গোটে বিটিএডিৰ ওদালগুৰী জিলাৰ ওদালা কাঁশীবাৰী ডেজিগনেট শিৱিৰত ৩১ তম প্ৰতিষ্ঠা দিৱস পালন কৰে৷ আলোচনা বিৰোধী এনডিএফবিৰ (সাউৰাইগৌড়া) গোটেও বিদেশৰ ভূমিত সংগঠনৰ ৩১তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ কথা এক বিশেষ সূত্ৰত জানিবলৈ দিয়ে।