কুন্দন ভৰালী

নগাঁও

২৮ ডিচেম্বৰ

ডি এল এডৰ নামত ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনাৰ অভিযোগ। নগাঁৱৰ এছ আৰ কে কণিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে ডি এল এডৰ নামত ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ। কলেজৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।

ডি এল এড পাঠ্যক্ৰমৰ নামত ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ এছ আৰ কে কণিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে। বহু ছাত্ৰ-ছাত্ৰীৰ পৰা ডি এল এড পাঠ্যক্ৰমৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে এছ আৰ কে কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হুছেইনৰ বিৰুদ্ধে। ডি এল এডৰ নামত কৰা জালিয়াতিৰ বিষয়ে অৱগত হোৱাৰ পিছতেই ধন বিচাৰি কেইবাদিনো শিক্ষানুষ্ঠানখনত উপস্থিত হৈছিল ছাত্ৰ-ছাত্ৰী সকল। আনকি শিক্ষানুষ্ঠানখনত কেইবাবাৰো সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। উপায়ন্তৰ হৈ ছাত্ৰ-ছাত্ৰীক ধন উভতাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল অধ্যক্ষ জাকিৰ হুছেইনে।

ধন উভতাই দিয়াৰ সময় উকলি যোৱাত সোমবাৰে বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।