ধেমাজি

২৯ ডিচেম্বৰ

শ্বহীদ মৃত্যুঞ্জয় চুতীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত নিহত হৈছল চি আৰ পি এফৰ জোৱান মৃত্যুঞ্জয় চুতীয়া। ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেলুৱা গাঁৱৰ বাসিন্দা শ্বহীদ মৃত্যুঞ্জয় চুতীয়া।

মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালে সোমবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত নিহত হোৱা চি আৰ পি এফৰ জোৱান মৃত্যুঞ্জয় চুতীয়াৰ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেলুৱা গাঁৱস্থিত বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীক গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ শ্বহীদ গৰাকীৰ পিতৃ-মাতৃ তথা আত্মীয় স্বজনৰ সৈতে মত-বিনিময় কৰাৰ উপৰিও শ্বহীদ গৰাকীৰ পিতৃক ৰাজ্য চৰকাৰৰ ফালৰ পৰা ২০ লাখ টকাৰ এককালীন সাহাৰ্য্যৰ চেক প্ৰদান কৰে। শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত থকা সাংবাদিক সকলৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰ্তালাপ কৰি কয় যে, দেশৰ স্বাৰ্থত বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই আত্মবলিদান দিলে। সমগ্র ভাৰতবাসীৰ লগতে অসমবাসীৰ আজি এই শ্বহীদ গৰাকীৰ বাবে গৌৰৱাম্বিত। ত্যাগ আৰু বীৰত্বৰ শক্তিশালী আদৰ্শ প্ৰতিষ্ঠা কৰি যোৱা শ্বহীদ গৰাকী সদায়ে অমৰ হৈ থাকিব। শ্বহীদ গৰাকীৰ আদৰ্শৰে আমাৰ নতুন প্ৰজন্মই দেশৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। শ্বহীদৰ তেজ কেতিয়াও অথলে নাযায় বুলি উল্লেখ কৰি এই ত্যাগে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বদেশ প্ৰেমৰ প্ৰেৰণা যোগাব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আনহাতে মুখ্যমন্ত্ৰীয়ে শ্বহীদ গৰাকীৰ সপোন অনুসৰি তেখেতৰ সমাধি কাষতে এখন শিশু উদ্যান নিৰ্মাণ কৰি শ্বহীদ গৰাকী নামেৰে নামাকৰণ কৰিবলৈ ধেমাজি জিলাৰ উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে।শ্বহীদ গৰাকী গৃহত উপস্থিত হোৱা সময়ত মুখ্যমন্ত্ৰী সৈতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন্ত, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তেৰচ গোৱালা, ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি কেইবাগৰাকী চৰকাৰী বিষয়া উপস্থিত থাকে।