ধুবুৰী

২৭ ডিচেম্বৰ

বিটিএডিৰ ছাতাগুৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্য জোকাৰি যোৱা পথ দুর্ঘটনাটোত থিতাতে নিহত ৬ জনকৈ লোকৰ বিপৰীতে হতাহত চালকসহ কেইবাজনো যাত্ৰী।স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই উদ্ধাৰ অভিযানত নামি পৰাত বহু ব্যক্তিৰ প্ৰাণ ৰক্ষা পৰে।

বিটিএডিৰ কোকৰাঝা জিলাৰ তুলসিবিলৰ পৰা ধুবুৰী অভিমুখে আহি থকা এএছ-১৭-চি-১৮৭৫ নম্বৰৰ যাত্ৰীবাহি বাছ আৰু বিপৰীত দিশৰ পৰা আহি থকা এএছ-১৭-চি-৩০৭৩ নম্বৰৰ ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষ সংঘটিত হয়। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় কোকৰাঝাৰ জিলাৰ ছাতাগুৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। বছৰৰ অন্তিমটো দেওবাৰৰ দিনা সংঘটিত হোৱা ৰাজ্য জোকাৰি যোৱা পথদুৰ্ঘটনাটোত ইতিমধ্যে মৃত্যু হৈছে শিশুসহ ৬ জনকৈ লোকৰ।থিতাতে মৃত্যু হোৱা লোক কেইজন হৈছে ক্ৰমে শনদেশ আলী, ছাত্তাৰ আলী, ৰফিকুল ইছলাম, বাশীদুল ইছলাম, সদেৰ কাজী। আনহাতে দুজন লোকৰ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই। পথ দুর্ঘটনাটোত মহিলাসহ প্ৰায় ২৫ জন যাত্ৰী গুৰুতৰ ভাৱে আহত হয়। আহত ব্যক্তি সকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত ব্যক্তি তিনিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে অন্য আহত কেইজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

উল্লেখ্য যে, পথ দুৰ্ঘটনাৰ ফলত প্ৰায় ২ ঘণ্টা যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত। জে চি বি, কাটাৰ মেচিন লগাই চলোৱা হয় উদ্ধাৰ অভিযান।দুৰ্ঘটনাৰ ফলত দুয়োখন গাড়ীৰ চলকৰ মৃত্যু হোৱাৰ লগতে বাছখনত থকা চাৰিজনকৈ যাত্ৰীয়ে মৃত্যুক সাৱটি লয়। উদ্ধাৰ অভিযানত স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই সহযোগ কৰাৰ ফলত বহু ব্যক্তিৰ প্ৰাণ ৰক্ষা পৰে।