শিৱসাগৰ

২৩ জানুৱাৰী

খিলঞ্জীয়াৰ স্বাভিমান আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ দিশত এক নজিৰ সৃষ্টি কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে শনিবাৰে শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত ৰাজ্যখনৰ ১.০৬ লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্রদান কার্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ১০ গৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আনুষ্ঠানিকভাবে মাটিৰ পট্টাৰ নথি প্রদান কৰে। নিজৰ ভাষণৰ আৰম্ভণিতে প্রধানমন্ত্রীয়ে অসমীয়া ভাষাতে ৰাইজক ইংৰাজী নৱবর্ষ আৰু ভােগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলােৰে সুখ আৰু সমৃদ্ধি কামনা কৰে।

অসমবাসীৰ মৰম আৰু চেনেহে তেওঁক বাৰে বাৰে অসমলৈ টানি আনে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে বিগত দিনসমূহত তেওঁ কেইবাবাৰাে অসমলৈ আহি ৰাজ্যখনৰ বিকাশৰ প্ৰক্ৰিয়াটোত জড়িত হােৱাৰ সুযােগ লাভ কৰাৰ লগতে অসমবাসীৰ আশীর্বাদ আৰু আত্মীয়তা লাভ কৰাৰ সৌভাগ্য হৈছে। এই প্রসংগত তেওঁ বিগত বৰ্ষত কোকৰাঝাৰত আয়ােজিত ঐতিহাসিক বড়াে শান্তি চুক্তি স্বাক্ষৰিত হােৱাৰ পিছত আয়ােজিত উৎসৱত যােগদানৰ বিষয়টোও উল্লেখ কৰে। অসমৰ খিলঞ্জীয়াৰ স্বাভিমান আৰু সুৰক্ষাৰ লগত জড়িত বিষয়টোত চামিল হ’বলৈ সুযােগ পােৱাৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্রী কয় যে সর্বানন্দ সােণােৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে খিলঞ্জীয়াৰ বিকাশ আৰু সুৰক্ষাৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। এই চৰকাৰৰ কাৰ্যকালত ইতিমধ্যে ২ লাখ ২৫ হাজাৰৰাে অধিক লােকক পট্টা প্ৰদানৰ পাছত শনিবাৰে ১ লক্ষাধিক ওপৰ খিলঞ্জীয়া লােকক মাটিৰ পট্টা প্রদানে এই লােকসকলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত থকা দীর্ঘদিনীয়া চিন্তা দূৰ কৰিলে বুলি তেওঁ কয়। ধৰিত্ৰী কেবল মাটি, গছ আৰু শিলাখণ্ডৰে সমষ্টি নহয় বুলি মন্তব্য কৰি প্রধানমন্ত্রীয়ে কয় যে ধৰিত্ৰী আমাৰ মাতৃ। ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ “অ’ মােৰ ধৰিত্ৰী আই” শীর্ষক কালজয়ী গীতটিৰ পংক্তি আওৰাই তেওঁ কয় যে মাটি অবিহনে কৃষকৰ কোনো বিকল্প নাই। ভূমিৰ অধিকাৰ প্রদান নাগৰিকৰ স্বাভিমান, স্বাধীনতা আৰু সুৰক্ষাৰ লগত জড়িত বিষয় বুলি অভিহিত কৰি তেওঁ কয় যে পূর্বৰ চৰকাৰৰ শাসনকালত ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্রদানৰ বিষয়টো প্রাধান্য দিয়া নাছিল। ইয়াৰ ফলত তেওঁলােকে প্রাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। অসমৰ ৬ লাখৰাে অধিক খিলঞ্জীয়া পৰিয়ালে আজি অত বছৰে নিজৰ ভূমিত আইনী ব্যৱস্থাৰ দ্বাৰা অধিকাৰ সাব্যস্ত কৰিব পৰা নাছিল। শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত এই ভূমি আৱণ্টনৰ প্রক্রিয়াই এই দিশত এক নতুন মাত্রা সংযােজন কৰিব বুলিও তেওঁ কয়।

অসমৰ ভবিষ্যতৰ স্বাৰ্থত সর্বোচ্চ ত্যাগ কৰা মহাসতী জয়মতীৰ স্মৃতিৰে মহীয়ান জেৰেঙা পথাৰৰ এই পবিত্র ভূমিক প্রণাম জনােৱাৰ লগতে প্রধানমন্ত্রীয়ে সতী জয়মতীৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ মহান আদর্শ প্রতি শ্রদ্ধা জ্ঞাপন কৰে। শিৱসাগৰৰ ঐতিহাসিক গুৰুত্ব আৰু মহত্বৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এইবাবেই কেন্দ্রীয় চৰকাৰে প্রত্নতাত্ত্বিক দিশত গুৰুত্ব থকা দেশৰ ৫ খন আইকনিক ক্ষেত্ৰৰ ভিতৰত শিৱসাগৰকো অন্তর্ভুক্ত কৰিছে। নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫ বছৰীয়া জন্ম জয়ন্তী আজি দেশজুৰি পৰাক্ৰম দিৱস হিচাপে পালন কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ভাৰতবৰ্ষৰ স্বাভিমান আৰু স্বতন্ত্রতাৰ ক্ষেত্ৰত নেতাজীয়ে দেখুওৱা আদর্শই আজিও সকলােকে প্ৰেৰণা যােগায়। নেতাজীৰ দেশপ্রেমে দেশ নির্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংকল্প লােৱাৰাে প্ৰেৰণা যােগায় বুলি তেওঁ কয়। প্রধানমন্ত্রীয়ে কয় যে সর্বানন্দ সােণােৱালৰ চৰকাৰে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষা আৰু ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। ২০১৯ চনত নতুন ভূমিনীতি গ্রহণ কৰাৰ ফলত ৰাজ্যখনৰ খিলঞ্জীয়াই ভূমিৰ অধিকাৰ লাভ কৰাৰ পথ প্রশস্ত কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে এই অধিকাৰে নাগৰিকসকলৰ জীৱনৰ স্তৰ আৰু অধিক সুন্দৰ কৰাৰ সুযােগ প্রদান কৰিব। ইয়াৰ ফলত তেওঁলােকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰাটো সুনিশ্চিত হ’ল। ইমানদিনে এই লােকসকলে বহুবােৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। ভূমিৰ এই আইনী নথিৰ জৰিয়তে তেওঁলােকে এতিয়া প্রধানমন্ত্রী কিযাণ সন্মান নিধি, কিষাণ ক্রেডিট কার্ড, ফচল বীমা যােজনা, বেংক একাউন্ট মুকলি কৰাৰ দৰে সুযােগসমূহ লাভ কৰাৰ লগতে ব্যৱসায়-বাণিজ্যৰ বাবে বেংকৰ পৰা ঋণ পােৱাটোও সহজ হৈ পৰিল বুলি প্রধানমন্ত্রীয়ে কয়।

অসমৰ ৭০ টাৰাে অধিক সৰু বৰ জনগােষ্ঠীৰ সামাজিক সুৰক্ষা আৰু ত্বৰান্বিত বিকাশৰ প্রতি বিজেপি নেতৃত্বাধীন চৰকাৰৰ দায়বদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মােডীয়ে কয় যে পূর্বতে অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমানৰ এন ডি এ চৰকাৰে অসমৰ সংস্কৃতি, স্বাভিমান সুৰক্ষাক সদায়েই গুরুত্ব লগতে প্ৰগতিৰ দিশেৰে ৰাজ্যখন আগুৱাই যাবলৈ সক্ষম হৈছে বুলি প্রধানমন্ত্রীয়ে কয়। ঐতিহাসিক বড়াে চুক্তিৰ ফলত অঞ্চলটোৰ বিকাশৰ প্রক্রিয়া ত্বৰান্বিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সদ্যসমাপ্ত শান্তিপূর্ণ বিটিআৰ নির্বাচনে অঞ্চলটোৰ বিকাশ আৰু বিশ্বাসৰ এক নতুন প্রতিচ্ছবি কঢ়িয়াই আনিছে। ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। এক্ট ইষ্ট পলিচী’ৰ জৰিয়তে দক্ষিণ-পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে যােগাযােগৰ পৰিৱেশ নির্মাণ কৰাৰ ফলত স্থল পথ, ৰেল পথ আৰু আকাশী পথৰ ক্ষেত্ৰত নতুন পৰিৱর্তনৰ সুচনা হৈছে বুলি তেওঁ কয়। ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং নির্মাণ, লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল নির্মাণ, ৰূপসী বিমানকোঠ, মাল্টিমডেল লজিষ্টিক্স পার্ক, গুৱাহাটী বাউনী গেছ সংযােগী পাইপলাইন, নুমলীগড় শােধনাগাৰৰ সম্প্ৰসাৰণ আৰু বায়’ ৰিফাইনেৰী স্থাপন, এইমছ স্থাপন, গােগামুখত ভাৰতীয় কৃষি গবেষণা প্রতিষ্ঠান স্থাপন ইত্যাদি বিষয় উল্লেখ কৰে। কৰ’ণা ভাইৰাছৰ প্রাদুর্ভাৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ বাবে মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী আৰু ‘টীম অসমৰ সকলােলৈকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে ৰাজ্যখনত কৰ’ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যথেষ্ট সফলতা লাভ কৰিছে। কৰ’ণা প্রতিষেধক প্রদানৰ সময়তাে সফলতাৰ এই ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ প্রধানমন্ত্রীয়ে আহ্বান জনায়।

খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে আয়ােজিত এই বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক প্রধানমন্ত্ৰীৰ হাতেৰে মাটিৰ পট্টা প্রদান কৰা দিনটোক এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে। তেওঁ কয় যে ২০১৬ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ আস্থা-বিশ্বাসক লৈ সকলােৰে সম উন্নয়নৰ বাবে কাম কৰি আহিছে। স্বচ্ছ প্রশাসনৰ বাবে দুর্নীতিমুক্ত অসম গঢ়া, স্থায়ী শান্তিৰ বাবে সন্ত্রাসমুক্ত অসম, প্রাকৃতিক তথা পাৰিপাৰ্শ্বিক বাতাৱৰণ সুৰক্ষাৰ বাবে প্ৰদূষণমুক্ত অসম, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰি বিদেশীমুক্ত অসম নির্মাণ আৰু কঠোৰ পৰিশ্ৰমেৰে বিকশিত অসম গঢ়ি তােলাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰি আহিছে। সকলাে জাতি-জনগােষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লােকৰ সহযােগিতাৰে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণেৰে আজি চৰকাৰখনে সকলাে দিশতে বিকাশমুখী যাত্ৰা আৰু পৰিবর্তন সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। অসমীয়া জাতিৰ স্বাভিমান গামােচাক বিশ্ব মঞ্চত উপস্থাপন কৰি জাতীয় গৌৰৱক বিশেষ মাত্রা প্রদান কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সর্বোচ্চ অসামৰিক সন্মান প্রদান কৰি প্ৰধানমন্ত্রীয়ে অসমৰ প্ৰতি থকা তেখেতৰ আন্তৰিকতা প্রদর্শন কৰিছে। প্রধানমন্ত্রীক অসমৰ শুভচিন্তক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্ৰীৰ আর্শীবাদ আৰু সহযােগিতাৰ বাবে অসম তথা উত্তৰ-পূর্বাঞ্চলে আজি বিকাশৰ নতুন ৰাজপথেৰেগতি কৰিবলৈ সমৰ্থ হৈছে। বিশ্ব দৰবাৰত ভাৰতক প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্রধানমন্ত্রী বিশেষভাৱে সফল হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে নিজৰ অতুলনীয় ব্যক্তিত্বৰ বলত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী আজি বিশ্বৰ আটাইতকৈ লােকপ্রিয় জননেতা হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ জনসাধাৰণ আৰু সাংবাদিকসকলে সদায়েই গঠনমূলক সমালােচনাৰে চৰকাৰখনক সহযােগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি ইয়াৰ বাবে তেওঁ সকলােকে কৃতজ্ঞতা জ্ঞাপন কৰে।

পূৰ্বতে নিজৰ মাটিৰ ওপৰত অধিকাৰ থাকিব নে নাই সেই বিষয়ত খিলঞ্জীয়াৰ মনত অনিশ্চয়তা আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে খিলঞ্জীয়া লােকসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ পিছত সেই অনিশ্চয়তা আঁতৰি গৈছে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰখনে জাতি, মাটি, ভেটি, কলা-সংস্কৃতি, ভাষা সাহিত্য, ঐতিহ্য আৰু স্বাভিমান সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লৈ আহিছে। সেইবাবে অসমৰ বুকুত আজি সকলাে জাতি-জনগােষ্ঠীৰ লােক সুৰক্ষিত। চুকাফাৰ বৰ অসম নির্মাণৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰ দৃঢ়সংকল্প। আগন্তুক দিনতাে অসমৰ ৰাইজৰ মান-সম্মান, স্বাভিমান বিকশাই তােলাৰ বাবে চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি যাব বুলি তেওঁ কয়।

সতী জয়মতীয়ে জেৰেঙা পথাৰৰ বুকুত আত্মত্যাগ আৰু স্বদেশপ্ৰেমৰ অতুলনীয় চানেকি প্রদর্শন। কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী মহীয়সী নাৰীৰ আদৰ্শৰে ৰাজ্যখনৰ মহিলা সৱলীকৰণৰ দিশত উল্লেখযােগ্য সফলতা লাভ কৰিব পৰা গৈছে। আজি অসমত কৃষি সামগ্রী, মৎস্য উৎপাদন বৃদ্ধি পাইছে। অসমৰ সন্তানে বিদেশৰ বজাৰত নিজৰ উৎপাদিত সামগ্রী বিক্ৰী কৰিবলৈ সক্ষম হৈছে। কর্ম সংস্কৃতি বৃদ্ধি কৰি আমাৰ ভৱিষ্যৎ গঢ় দিব লাগিব। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শ্বহীদৰ ত্যাগ আৰু কষ্টৰ উপযুক্ত মূল্যাঙ্কনেৰে অসমীয়া জাতিৰ নিৰাপত্তা সুনিশ্চিত কৰি এখন বিদেশীমুক্ত অসম গঢ়াৰ বাবে বিজেপি চৰকাৰ দায়বদ্ধ। অসমৰ খিলঞ্জীয়া জনগােষ্ঠীসমূহ যাতে কোনাে কাৰণতেই শংকিত হ’ব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ১২৫ তম জন্মজয়ন্তীৰ দিনা নেতাজী সুভাষ চন্দ্র বসুৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেখেতৰ ত্যাগ আৰু স্বদেশ প্রেম ভাৰতীয় জনগণে কেতিয়াও পাহৰিব নােৱাৰে। এইগৰাকী মনীষীৰ আদৰ্শৰে ৰাজ্যৰ যুৱশক্তিয়ে ৰাষ্ট্রধর্ম পালন কৰি এখন শক্তিশালী ৰাষ্ট্র নির্মাণত ব্ৰতী হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
|
সভাত ভাষণ প্রদান কৰি বিত্ত, স্বাস্থ্য, লােক নির্মাণ ইত্যাদি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই শিৱসাগৰতে ৰাজধানী স্থাপন কৰি ছশ বছৰীয়া আহােম ৰাজত্বই অসমৰ বুকুত সােণালী ইতিহাস ৰচনা কৰিছিল। সতী জয়মতীয়ে এই জেৰেঙা পথাৰতে আত্মত্যাগ আৰু স্বদেশ প্ৰেমৰ ইতিহাস ৰচিছিল। শিৱসাগৰৰ পৰাই ‘অৰুণােদয়ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যই গৌৰৱৰ দিগন্তলৈ আগুৱাই গৈছিল। সেইবাবে ৰাজ্য চৰকাৰে জেৰেঙা পথাৰৰ ১০০ বিঘা ভুমিত সতী জয়মতীৰ প্রতি শ্রদ্ধা জ্ঞাপনেৰে এক স্মাৰক নির্মাণ কৰিব বুলিও তেওঁ কয়। ক’ভিড-১৯ ৰ পিছত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে প্রথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰীৰ দৃঢ় পদক্ষেপৰ বাবে আমেৰিকা, ইংলেণ্ডৰ দৰে শক্তিশালী ৰাষ্ট্রৰ সৈতে সমানে ফেৰ মাৰি ভাৰতে ক’ভিড ভেকচিন আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে টীকাকৰণৰ প্রক্রিয়া আৰম্ভ হৈছে। ভাষণ প্রসংগত মন্ত্ৰীগৰাকীয়ে কভিড-১৯
ৰ সময়ছােৱাত কেন্দ্রীয় চৰকাৰে অসমলৈ আগবঢ়োৱা সহযােগিতাৰ বিভিন্ন বিষয় আলােকপাত কৰে। প্রধানমন্ত্ৰীৰ প্ৰেৰণা আৰু সহযােগৰ বাবে অসমে কভিড-১৯ ৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।

অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী যােগেন মহন, পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, লােকসভাৰ সাংসদসকল ক্রমে তপন কুমাৰ গগৈ, প্রদান বৰুৱা, পল্লব লােচন দাস, ড° ৰাজদ্বীপ ৰায়, হৰেন সিং বে, হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বহুকেইগৰাকী বিধায়ক, প্রশাসনৰ শীর্ষ বিষয়াসকল আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।