গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ : বিশ্বৰ কেইবাখনো দেশত তলাবন্ধ কাৰ্যসূচী। ভাৰতবৰ্ষও যোৱা ২৪ মাৰ্চৰ পৰা পালন কৰিছে তলাবন্ধ কাৰ্যসূচী। তলাবন্ধৰ ফলত এফালে গৃহবন্দী হৈ অস্বস্তিত ভুগিছে মানৱ সমাজ, আনফালে এই তলাবন্ধুই বন্যপ্ৰাণী সমূহক প্ৰদান কৰিছে কিছু সকাহ। মানুহৰ দখলত ঠাই সমূহলৈ ওলাই আহি মুক্তমনে বিচৰণ কৰাৰ সুযোগ পাইছে বন্যপ্ৰাণী সমূহে।

প্ৰকৃতিৰ পৰিবেশৰ ক্ষেত্ৰতে হওঁক বা বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰতে হওঁক অসম দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰাজ্য। জনসংখ্যা বৃদ্ধিৰ ফলত সংকুচিত হৈ অহা অসমৰ বনাঞ্চল সমূহত থকা বন্যপ্ৰাণী সমূহৰ অস্তিত্ব এতিয়া সংকটত। বনাঞ্চল সমূহত খাদ্য আৰু বিচৰণস্থলীৰ অভাৱ বিভিন্ন সময়ত বনাঞ্চল পৰা জনাঞ্চললৈ বন্যপ্ৰাণী সমূহ ওলাই অহাত সংঘাতৰ সৃষ্টি হয় মানুহ আৰু বন্যপ্ৰাণীৰ মাজত। এতিয়া পৰিবেশ সময়ত বেলেগ, তলাবন্ধৰ ফলত মুক্তমনে বিচৰণ কৰিছে বন্যপ্ৰাণী সমূহে। বাধা দিবলৈ ওলাই নাহে মানুহ, নাই পৰিবেশত যন্ত্রিকতাৰ প্ৰদূষণ, নাই ৰে’ল লাইন সমূত দ্ৰুত গতিৰ ৰে’লৰ চলাচল। সকলো স্তব্ধ, স্তব্ধতাই যেন সাহস দিছে বন্যপ্ৰাণী সমূহক মুক্ত বিচৰণৰ।

মহানগৰী গুৱাহাটীৰ যান্ত্ৰীকতাৰ উচ্চ শব্দ বিৰাজ কৰি থকা দীঘলীপুখুৰীৰ পাৰ দখল কৰিছে চৰাইৰ সুৰীয়া মতে। পুখুৰীৰ পাৰত থকা গছ সমূহলৈ আলহী হৈ আহিছে বিভিন্ন প্ৰজাতিৰ চৰাই। উদং হৈ থকা দীঘলীপুখুৰীৰ বুকুত এতিয়া শৰালী হাঁহৰ জলকেলি। কভিড-১৯ কৰ’ণা ভাইৰাছৰ বাবে চৰকাৰে তলা বন্ধ ঘোষণা কৰাৰ পিছত স্তব্ধ হৈ পৰা পৰিবেশে যেন দীঘলীপুখুৰীলৈ নিমন্ত্ৰণ জনাইছে পক্ষীকুলক। সদায় জনসমাগমত ব্যস্ত হৈ থকা দীঘলীপুখুৰী তলাবন্ধৰ পিছৰে পৰা নিসংগ, শ শ শৰালী হাঁহৰ জাকে দীঘলীপুখুৰীৰ নিসংগতা আঁতৰ কৰি যেন হাঁহি বিৰিঙাইছে দীঘলীপুখুৰীৰ মুখত।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকত ভাৰতীয় ৰে’ল বিভাগে বাতিল কৰিছে ৰে’ল সেৱা। ৰে’লৰ চলাচল বন্ধ হৈ পৰাত ভয়-শংকা বিহীন ভাবে প্ৰবল আত্মবিশ্বাস লৈ বন্যহস্তীৰ জাকে এতিয়া বিভিন্ন অঞ্চলতন পাৰ কৰিছে ৰে’ল লাইন। এতিয়া ৰেল লাইনত দ্ৰুত গতিৰ ৰেল নাই, গতিকে দুর্ঘটনাত প্ৰাণ হেৰুৱাওঁৰো কোনো ভয় নাই বন্যহস্তী সমূহৰ।

উল্লেখ্য যে, ২০১৬ চনৰ পৰা ২০১৯ চনলৈ মুঠ ৬০ টা বন্যহস্তীৰ ৰে’লৰ খুন্দাত মৃত্যু হৈছেল। এই ৬০ টা বন্যহস্তীৰ ভিতৰত ২২ টাৰ মৃত্যু হৈছিল অসমত। ৰেল বিভাগৰ তথ্য অনুসৰি ২০১৬ চনৰ পৰা ২০১৮ চনলৈ ভাৰতত ৰে’লৰ খুন্দাত মুঠ ৩২ হাজাৰ পোহনীয়া আৰু বন্যপ্ৰাণীৰ মৃত্যু হৈছে।