শিৱসাগৰ, সংবাদ ৩৬৫, ২৯ মাৰ্চ : বিশ্বজুৰি কভিড-১৯ কৰ’ণাৰ আতংক। বিশ্বৰ কেইবাখনো দেশত তলাবন্ধ। ভাৰততো সমগ্ৰ দেশবাসী যুদ্ধ অব্যাহত ৰাখিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে। ইয়াৰ মাজতে কিছুমান এনে ব্যক্তি আছে যিসকলৰ বাবে কভিড-১৯ কৰ’ণা ভাইৰাছক ভয় কৰিব লগৰ কোনো কাৰণ নাই। এইসকল ব্যক্তি ব্যস্ত নিজকে লৈ, সমাজ বা দেশৰ প্ৰতি এইসকলৰ নাই কোনো দায়িত্ব।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত বাৰম্বাৰ দেশবাসীৰ সহযোগ বিচাৰি অনুৰোধ জনাই আছে। প্ৰধানমন্ত্ৰী গৰাকীৰ অনুৰোধ দেশবাসীয়ে আখৰে আখৰে পালন কৰাৰ চেষ্টাও অব্যাহত ৰাখিছে যদিও ইয়াৰ মাজতে বিজেপিৰ এগৰাকী নেত্ৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈ বৃহৎ পৰিমাণৰ সুৰা। সমগ্ৰ দেশত তলা বন্ধৰ বাবে দেশৰ জনতা আৱদ্ধ ঘৰৰ ভিতৰত, তেনে সময়তে শিৱসাগৰ জিলাৰ এগৰাকী বিজেপি নেত্ৰীৰ ঘৰৰ পৰা আৰক্ষী আৰু আৱকাৰী বিভাগে অভিযান চলাই উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ সুৰা। জিলাখনৰ বিজেপি নেত্ৰী মিনাক্ষী দত্তৰ ঘৰত শনিবাৰে মদৰ আড্ডা চলি থকা সময়ত আৰক্ষী আৰু আৱকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা উদ্ধাৰ কৰাৰ লগতে ১০ জনকৈ লোকক আটক কৰে।বিজেপি নেত্ৰী মিনাক্ষী দত্তৰ স্বামী ললিত দত্তৰ নেতৃত্ব চলি থকা মদৰ আড্ডাৰ পৰা আৰক্ষী আৰু আৱকাৰী বিভাগে আটক কৰা লোক কেইজন হৈছে ক্ৰমে পাৰ্থ লাহন, গৌতম দাস, বিকাশ দত্ত, অঞ্জন শইকীয়া, ৰামচন্দ্ৰ ৰায়, অঞ্জন গগৈ।

যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ পৰা দেশক ৰক্ষা কৰিবলৈ দেশবাসীৰ সহযোগ বিচাৰিছে, সেই সময়তে তেওঁৰ দলৰে নেত্ৰী ঘৰত সুৰাৰ আড্ডা চলি থকাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।