দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ৩০ মাৰ্চ : দুখীয়া, দিন হাজিৰ কৰি জীৱন নিৰ্বাহ কৰা লোকৰ কাষত থিয় দিছে দক্ষিণ শালমাৰাৰ এজন যুৱক। তলাবন্ধৰ সময়ত জিলাখনৰ দুখীয়া, দিন হাজিৰ কৰা লোক সকলক সকলো ধৰণৰ অত্যাৱশ্যকীয় সমগ্ৰী যোগ ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সমাজকৰ্মী আনিছুৰ ৰহমান।

সমগ্ৰ বিশ্বতে আতংকত সৃষ্টি কৰা মহামাৰীৰ কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা দেশত ঘোষণা কৰিছে তলাবন্ধ। দেশৰ জনতাৰ বাবে এই তলাবন্ধৰ সময়খিনি অগ্নিপৰীক্ষাতকৈ কোনো গুণে কম নহয়। সংকটৰ এই দিনকেইটা এজনে আনজনে সহায়-সহযোগ কৰি অতিবাহিত কৰিব লাগিব। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো দেখিবলৈ পোৱা গৈছে এজনক আনজনে সম্পূৰ্ণ সহায়-সহযোগ আগবঢ়াই থকা। এইক্ষেত্ৰত এক বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিবই লাগিব। আনিছুৰ ৰহমান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এইজন অধিবক্তা তথা সমাজকৰ্মীয়ে দুখীয়া, দিন হাজিৰ কৰি জীৱন নিৰ্বাহ কৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লোক সকলক তলাবন্ধৰ আৰম্ভণিৰ দিনৰে পৰা আগবঢ়াই আহিছে সহায়-সহযোগ। তলাবন্ধৰ ফলত জিলাখনৰ দুখীয়া লোক সকল খাদ্য সংকটত পৰাটো নিশ্চিত আছিল, আৰু এই লোক সকলক খাদ্য সংকটৰ পৰা ৰক্ষা কৰিবলৈ আনিছুৰ ৰহমানে এওঁলোকক যোগান ধৰি আহিছে বিভিন্ন খাদ্য সমগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।

খাদ্য সমগ্ৰীৰ লগতে জিলাখনৰ লোক সকলক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আনিছুৰ ৰহমানে বিভিন্ন সময়ত জিলাবাসীৰ মাজত বিতৰণ কৰি আহিছে মাস্ক, হেন্ডৱাছ, ডেটল ইত্যাদি সামগ্ৰী। অধিবক্তা থকা সমাজকৰ্মী গৰাকীৰ এই প্ৰচেষ্টাক আদৰণি জনাই সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে।