নিউজ ডেস্ক, সংবাদ ৩৫৪, ১৬ এপ্ৰিল : মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ উৎপত্তিকেন্দ্ৰ চীনে ভাৰতৰ লগত কৰিছে প্ৰতাৰণা। চীনে ভাৰতলৈ যোগান ধৰিছে অতি নিম্ন মানৰ পি পি ই কিট। চীনে ভাৰতলৈ যোগান ধৰা ১ লাখ ৭০ হাজাৰ পি পি ই কিটৰ ভিতৰত ৫০ হাজাৰ পি পি ই কিট ছেফটী টেষ্টত বিফল হৈছে।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতো ব্যস্ত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ বিৰোধী যুদ্ধত। এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা ব্যক্তি সকলৰ চিকিৎসাৰ বাবে চিকিৎসক তথা চিকিৎসা কৰ্মী সকল নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ পাৰ্চনেল প্ৰটেকটিভ ইকুইভমেণ্ট অৰ্থত পি পি ই কিট পৰিধান কৰাটো বাধ্যতামূলক। ভাৰতত কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত লোকৰ সংখ্যাৰ দ্ৰুত গতিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে চীনৰ পৰা প্ৰায় ডেৰ কোটি পি পি ই কিট আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চীনে ইতিমধ্যে ভাৰতলৈ যোগান ধৰিছে ১ লাখ ৭০ হাজাৰ পি পি ই কিট কিন্তু এই ক্ষেত্ৰত ভাৰতৰ লগত প্ৰতাৰণা কৰিছে চীনে। চিনে ভাৰতলৈ যোগান ধৰা ১ লাখ ৭০ হাজাৰ পি পি ই কিটৰ ভিতৰত ৫০ হাজাৰ পি পি ই কিট ছেফটী টেষ্টত বিফল হোৱাৰ এক খবৰ বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ভাৰতত বৰ্তমান সময়লৈকে ১২ হাজাৰতকৈও অধিক লোক কভিড-১৯ কৰুণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে। ভাৰতক প্ৰতিদিনে কৰুণা বিৰোধী যুদ্ধৰ বাবে প্ৰয়োজন ১ লাখ পি পি ই কিটৰ। কৰ’ণা ভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত ইউৰোপৰ বিভিন্ন দেশলৈ নিম্ন মানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগত ইতিমধ্যে ইউৰোপৰ কেইবাখনো দেশে চীনক সমালোচনা কৰিছে।