গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰত চৰকাৰৰ সমান্তৰালে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে তৎপৰ গতিৰে কৰ’ণা ভাইৰাছ ৰোধৰ বাবে সম্ভৱ সকলো চেষ্টা চলাই থকাৰ মাজতে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে দেশৰ ৰে’ল বিভাগ।

কভিড-১৯ কৰ’ণা ভছিৰাছৰ বিৰুদ্ধে এইবাৰ যুঁজত নামিছে ভাৰতীয় ৰে’ল বিভাগৰ। ৰে’ল বিভাগে মাৰাত্মক কভিড-১৯ কৰ’ণা ভছিৰাছৰ সংক্ৰমণ ৰোধৰ লগতে এই ভাইৰাছত আক্ৰান্ত লোক সকলৰ বাবে আগুৱাই আহিছে। কভিড-১৯ কৰ’ণা ভছিৰাছত আক্রান্ত লোক সকলক ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ কেবিনসমূহত চিকিৎসা প্ৰদান ব্যৱস্থা কৰাৰ এক ব্যৱস্থা হাতত লৈছে। ৰে’ল বিভাগে ইয়াৰ বাবে ৰে’লৰ কেবিনসমূহক আইছ’লেছন ৱাৰ্ডৰ ৰূপত গঢ়ি তুলিছে। কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনতো ৰে’লৰ কেবিনসমূহক গঢ় দিয়া হৈছে আইছ’লেছন ৱাৰ্ডৰ ৰূপত। দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰত্যেক দিনাই ১৩,৫২৩খন ৰে’ল চলাচল হয়। দেশত প্ৰতিদিনে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ বৃদ্ধি হোৱাৰ ফলতে ১৪ এপ্ৰিল পৰ্যন্ত বাতিল কৰা হৈছে ৰেল সেৱা। ৰে’ল সেৱা বাতিল বাতিল হোৱাত সেইহে ৰে’ল বিভাগে ৰে’লৰ কেবিনসমূহ আইছ’লেছন ৱাৰ্ড হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশ্বৰ বিভিন্ন দেশ সমূহৰ লগতে ভাৰততো কভিড-১৯ কৰ’ণা ভছিৰাছত সংক্ৰমিত লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমানলৈকে ভাৰতত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৯১৮ গৰাকী লোক আক্রান্ত হোৱাৰ পৰিবৰ্তৰ মৃত্যু হৈছে ১৯ গৰাকীকৈ লোকৰ।