গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ: তলা বন্ধৰ ফলত খাদ্য সংকটত পৰি জীয়াটু ভুগি থকা ৰাইজৰ কাষত থিয় দিলে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থা। শুকুৰবাৰে তলা বন্ধৰ তৃতীয় দিনা ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাই।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস এতিয়া বিশ্বৰ প্রান্তে প্রান্তে। মাৰাত্মক কভিড-১৯ ৰ চিকিৎসা বিচাৰি বিশ্বৰ প্ৰতিটো দেশৰ চিকিৎসা বিজ্ঞান ব্যস্ত। বৰ্তমান সময়লৈকে এই মাৰাত্মক ভাইৰাছৰ লগত যুদ্ধ কৰাৰ একমাত্ৰ অস্ত্ৰ হৈছে সামাজিক দূৰত্ব। সামাজিক দূৰত্ব বজাই ৰাখি ইয়াৰ পৰা কিছু পৰিমাণে ৰক্ষা পাব পাৰি যদিও ইয়াক পৰাস্ত কৰিব নোৱাৰি। কভিড-১৯ কৰ’ণা ভাইৰাছক সম্পূৰ্ণৰূপে পৰাস্ত কৰিবলৈ ঔষধ বা টীকা লাগিবই। ঔষধ বা টীকা নহা পৰ্যন্ত বিশ্ববাসীয়ে মানি চলিছে সামাজিক দূৰত্ব মন্ত্ৰক। সামাজিক দূৰত্বৰ বজাই ৰাখিবলৈ তলা বন্ধ কৰি দিয়া হৈছে ইখনৰ পিছত সিখন দেশ। বিশ্বৰ কেইবাখনো দেশৰ লগতে সম্পূৰ্ণ ভাতৰবর্ষতো এতিয়া তলা বন্ধ। তলা বন্ধৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে দেশৰ সাধাৰণ জনতা। বিশেষকৈ খাদ্য সামগ্ৰী লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাবাথুৰি খাব লগাত পৰিছে জনতা। সমাজৰ এচাম লোক তলা বন্ধৰ ফলত খাদ্য সংকটত পৰাও পৰিলক্ষিত হৈছে। খাদ্য সংকটত পৰা সাধাৰণ জনতাক কিছু সকাহ দিবলৈ শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে শৰাইঘাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ৰাইজৰ মাজত যোগান ধৰে খাদ্য সামগ্ৰী। শুকুৰবাৰে কামৰূপ জিলাৰ চাংসাৰিৰ বিভিন্ন অঞ্চলত বসবাস কৰা ৰাইজৰ মাজত খাদ্যৰ যোগান ধৰে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাই।

শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বায়ক আনিচুৰ ৰহমানৰ লগতে শৰাইঘাট মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱশীষে চাংসাৰি, জালাহ, বোৰ্কাৰ লগতে বিভিন্ন অঞ্চলত উপস্থিত হৈ তলা বন্ধৰ ফলত অঞ্চলত কেইটাত বসবাস কৰা যি সকল ৰাইজ কষ্টৰ সন্মুখীন হৈছে তেওঁলোকৰ মাজত ছাত্ৰ সন্থাই চাউল, দাইলৰ লগতে অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰে।