গুৱাহাটীৰ পৰা ৰুবী নাথ, সংবাদ ৩৬৫, ২৮ মাৰ্চ : সমগ্ৰ বিশ্বতে এতিয়া এক আতংকৰ পৰিবেশ। কভিড-১৯ কৰ’ণা ভাইৰাছ স্তব্ধ কৰিছে ৰাখিছে সমগ্ৰ বিশ্বক। চকুৰে মানিব নোৱাৰা এক ক্ষুদ্ৰ ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকাত মানৱ জাতিৰ বাবে বন্ধ হৈ পৰিছে বাট-পথ সমূহ। ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য মানৱ জাতি। মানৱ জাতিৰ এই বাধ্যতাই মুকলি কৰি দিছে পক্ষীকুলৰ বাবে দীঘলীপুখুৰী দুৱাৰ।

মহানগৰী গুৱাহাটীৰ মাজ মজিয়াত অৱস্থিত ঐতিহাসিক দীঘলীপুখুৰী প্ৰতিদিনে সাক্ষী হৈ ৰয় মহানগৰীৰ অভিজাত্য আৰু যান্ত্ৰীকতাৰ। প্ৰতিদিনে এই ঐতিহাসিক পুখুৰীৰ চাৰিওফালে দিনে নিশাই দেখিবলৈ পোৱা যায় মহানগৰীবাসীৰ অভিজাত্য আৰু যান্ত্ৰীকতাৰ ব্যস্ততা। ব্যস্ততাৰ প্ৰত্যক্ষদৰ্শী দীঘলীপুখুৰী যোৱা কিছুদিন ধৰি নিসংগ। দীঘলীপুখুৰী চাৰিওফালে নাই মানুহ, নাই যান্ত্ৰীকতা, সকলো স্তব্ধ। এই সময়তে দীঘলীপুখুৰী নিসংগতা আঁতৰাবলৈ দীঘলীপুখুৰীলৈ আহিছে জাকে জাকে পক্ষী। যান্ত্ৰীকতাৰ উচ্চ শব্দ বিৰাজ কৰি থকা দীঘলীপুখুৰীৰ পাৰ দখল কৰিছে চৰাইৰ সুৰীয়া মতেৰে। পুখুৰীৰ পাৰত থকা গছ সমূহলৈ আলহী হৈ আহিছে বিভিন্ন প্ৰজাতিৰ চৰাই। উদং হৈ থকা দীঘলীপুখুৰীৰ বুকুত শৰালী হাঁহৰ জলকেলি। কভিড-১৯ কৰ’ণা ভাইৰাছৰ বাবে চৰকাৰে তলা বন্ধ ঘোষণা কৰাৰ পিছত স্তব্ধ হৈ পৰা পৰিবেশে যেন দীঘলীপুখুৰীলৈ নিমন্ত্ৰণ জনাইছে পক্ষীকুলক। জনসমাগমত ব্যস্ত হৈ থকা দীঘলীপুখুৰীৰ বৰ্তমানৰ নিসংগতা আঁতৰ কৰি শ শ শৰালী হাঁহৰ জাকে হাঁহি বিৰিঙাইছে দীঘলীপুখুৰীৰ মুখত।

তলা বন্ধৰ ফলত জনশূণ্য হৈ সম্পূৰ্ণ স্তব্ধ হৈ পৰা মহানগৰীত প্ৰদূষণ হ্ৰাস পোৱাত যেন প্ৰকৃতিয়ে সুযোগ পাইছে মুক্তভাবে উশাহ লোৱাৰ। আনন্দত মতলীয়া হৈ পৰা প্ৰকৃতিয়ে মুক্ত মনতে নাচিছে। পূৰ্বে কেতিয়াও শৰালী হাঁহ নহা দীঘলীপুখুৰীলৈ হঠাৎ আহিছে শ শ শৰালী হাঁহৰ জাক। এতিয়া দীঘলীপুখুৰী ডুব গৈ আছে এক মনোমোহা পৰিবেশত, কিন্তু মানুহক যেন প্ৰকৃতিয়ে অনুমতি দিয়া নাই এই দৃশ্য প্ৰত্যক্ষ কৰাৰ বাবে।