নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ মাৰ্চ: সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছে বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে শক্তিশালী আমেৰিকাত। চীনক পিছ পেলাই এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হ’ল কৰ’ণা ভাইৰাছত।আমেৰিকাত ৮৫,৫৯৪ জন লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ বিপৰীতে আমেৰিকাত ১৩০০ জন লোকে প্ৰাণ বিসৰ্জন দিছে এই মাৰাত্মক ৰোগৰ আক্রান্ত হৈ।

চীনৰ য়ুহান প্ৰদেশত উৎপত্তি ঘটা কৰ’ণা ভাইৰাছ এতিয়া সমগ্ৰ বিশ্বতে সংক্ৰমিত হৈছে। চীনত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা ৮১,৩৪০ জন আৰু এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২৯২ জন। ইয়াৰ উপৰিও ফ্ৰান্সত বৰ্তমানলৈ কৰণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ২৯,১৫৫ জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈকে ১৬৯৬ জন।ইংলেণ্ডত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ১১,০০০ জন ইয়াৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫৭৮ জন। ইয়াৰ লগতে পাকিস্তানত ১২০৩ জন লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ লগতে বাংলাদেশত ১১০২ জন লোকৰ দেহত পোৱা গৈছে মাৰাত্মক কৰ’ণা ভাইৰাছ।

আনহাতে বৰ্তমান সময়লৈ ভাৰতত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৭২৬ জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৯ জন। কেন্দ্ৰ চৰকাৰে ভাৰতত ২১ দিনৰ বাবে সম্পূৰ্ণ তলা বন্ধ কৰাৰ সিদ্ধান্ত দেশত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ গতি ৰোধ কৰাত বহুখিনি সফলতা লাভ কৰিছে বুলি ভাৰতৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰা অনুমান কৰিব পাৰি।