নলবাৰী
১৮ নৱেম্বৰ

বিপিএফৰ বহু বিধায়ক-নেতা বিজেপিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে। ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীয়েই নহয় বিপিএফৰ বহু বিধায়ক-নেতাই বিজেপিত যোগদান কৰিবলৈ যোগাযোগ অব্যাহত ৰাখিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য।

বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিপিএফ দলৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্ক ভংগ কৰি বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী বিজেপি শিবিৰলৈ যোৱাৰ বাবে প্ৰস্তুত হোৱাত বিপিএফ দলৰ মাজত সৃষ্টি হৈছে ধুমুহাৰ। বিপিএফ দলৰ এই বেয়া সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এক মন্তব্যই বিপিএফৰ ভেটি আৰু অধিক কঁপাই তুলিছে। নলবাৰী জিলা বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিপিএফ দলক সমালোচনা কৰি কয় যে বিপিএফ দলৰ বহু বিধায়ক-নেতা বিজেপিলৈ অহাৰ প্ৰস্তুতি চলাই আছে। ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীয়েই নহয় বিপিএফৰ বহু বিধায়ক-নেতাই বিজেপিত যোগদান কৰিবলৈ যোগাযোগ অব্যাহত ৰাখিছে। বিজেপি আৰু বিপিএফৰ মিত্ৰতা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বিপিএফ দলে। পঞ্চায়ত নিৰ্বাচনত বিপিএফ দলে আমাৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ অৱৰ্তীণ হৈছিল নিৰ্বাচনত বুলিও মন্তব্য কৰে ৰঞ্জিত দাসে।

নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত নলবাৰী জিলা বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে লগতে কয় যে, নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিয়ে বিজেপিৰ জয়ৰ ইংগিত বহন কৰিব। জিলাখনৰ আটাইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱা মানে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও মন্তব্য কৰে ৰঞ্জিত দাসে।