তামুলপুৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰৰ মেশগুৰিত জব্দ অবৈধ কাঠ ভৰ্তি গাড়ী। কুমাৰীকাটা আঞ্চলিক বন বিষয়াই অবৈধ কাঠ ভৰ্তি গাড়ীৰ লগতে আটক কৰে এজন চোৰাং কাঠ ব্যৱসায়ীক।

বুধবাৰে পুৱতি নিশা এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কুমাৰীকাটা বন বিভাগে অভিযান চলাই এছ-০১-এক্স-৭৯৮০ নম্বৰৰ অবৈধ কাঠ ভৰ্তি গাড়ী জব্দ কৰে। জব্দ কাঠখিনিৰ মূল্য প্ৰায় ৬০ হেজাৰ টকা বুলি বন বিভাগে জানিবলৈ দিয়ে। বন বিভাগে অবৈধ কাঠ জব্দ কৰাৰ লগতে এজন চোৰাং কাঠ ব্যৱসায়ীকো আটক কৰে।

উল্লেখ্য যে, বাক্সা জিলাত দীৰ্ঘদিন ধৰি চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত কিছুমান লোকে পাহাৰৰ গছ কাটি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আছে।