যোৰহাট, সংবাদ ৩৬৫, ১৩ মেঃ অন্ধবিশ্বাসে আমাৰ সমাজখনক কিদৰে গ্ৰাস কৰিছে ইয়াৰ প্ৰমাণ বিভিন্ন সময়ত দেখিবলৈ পোৱাৰ সময়তে এইবাৰ অন্ধবিশ্বাসৰ বাবে ডাইনী কাণ্ড সংঘটিত হয় তিতাবৰৰ বান্দৰচলিয়া। যোৰহাট জিলাৰ চাহ বাগিচা অধ্যুষিত অঞ্চলটোত দেওবাৰে পুৱতি নিশা তিনি জনকৈ লোকৰ ৰাহস্যজনক ভাৱে মৃত্যু হোৱাৰ পাছতে পুৱাৰ ভাগত বাগিচা খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। তিনি জনকৈ লোকৰ ৰাহস্যজনক ভাৱে হোৱা মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনৰ প্ৰায় পাঁচ শতাধিক ৰাইজ ওলাই আহি ডাইনী সন্দেহত আক্ৰমন কৰে দুগৰাকী মহিলাক। আক্ৰমণৰ বলি হোৱা মহিলা দুগৰাকীয়ে নিশাৰ ভাগত পূজা পাতল কৰাৰ ফলত তিনিজনকৈ ব্যক্তিৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে বাগিচাবাসী ৰাইজে। ডাইনী কাণ্ডক কেন্দ্ৰ কৰি বাগিচা খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত তিতাবৰ আৰক্ষী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ মহিলাক দুগৰাকী উদ্ধাৰ কৰি বান্দৰচলিয়া আৰক্ষী চকীলৈ লৈ আনে যদিও উত্তেজিত ৰাইজে বান্দৰচলিয়া আৰক্ষী চকী ঘেৰাও কৰে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত পৰৱৰ্তী সময়ত তিতাবৰ আৰক্ষীয়ে মহিলা দুগৰাকী তিতাবৰ আৰক্ষী চকীলৈ লৈ অনাত পৰিস্থিতি নিয়ন্ত্ৰন হয়। উল্লেখ্য পুৱতি নিশা বাগিছা খনৰ দুৰ্গা পানীকাৰ, মাঠলা মোৰা আৰু ধনীৰাম কৰ্মকাৰ নামৰ তিনিজনকৈ লোকৰ ৰহস্যজনক ভাবে মৃত্যু হোৱাৰ পাছতে এইদৰে অন্ধবিশ্বাসৰ বলি হব লগা হল মহিলা দুগৰাকী।