ধুবুৰী, সংবাদ ৩৬৫, ১৩ মেঃ ধুবুৰীত চেতনা সমাজ কল্যাণ আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন। ১৩ মে’ত আন্তৰ্জাতিক মাতৃ দিৱস উপলক্ষে ৫০ গৰাকী মাতৃক সম্বৰ্ধনা আৰু মাতৃ প্ৰণাম জনোৱা হয় চেতনাৰ ফালৰ পৰা। সমগ্ৰ বিশ্বৰ লগতে দেওবাৰে ধুবুৰী জিলাটো উদযাপন কৰা হয় আন্তৰ্জাতিক মাতৃ দিৱস। অন্য বছৰৰ দৰে এইবেলিও ধুবুৰীৰ চেতনা সমাজ কল্যাণ আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত ধুবুৰীৰ হৰিসভা প্ৰাংগণত মাতৃ দিৱস পালন কৰা হয়। মাতৃ দিৱসৰ উপলক্ষে ধুবুৰীৰ ৫০ গৰাকী বৃদ্ধ মাতৃক বিশেষ ভাবে সম্বৰ্ধনা আৰু মাতৃ সেৱা জনোৱা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰা মাতৃ সকলে প্ৰতিগৰাকী সন্তানক নিজৰ মাতৃক মৰম, চেনেহ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে মাতৃ অথবা নাৰী জাতিক ধৰ্ষণ আৰু নিৰ্যাতন কৰা সকলক তীব্ৰ ভাষৰে সমালোচনা কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা মাতৃ সকলে। মাতৃ দিৱসৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাতৃক লৈ বিভিন্ন গীত পৰিবেশন কৰাৰ লগতে মাতৃক লৈ বিভিন্ন বক্তাই ভাষণ প্ৰদান কৰি থকা অৱস্থাত একাংশ মাতৃহাৰা নৱ প্ৰজন্মই উঁচুপি উঠা পৰিলক্ষিত হয়।