নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ : বৃদ্ধাশ্ৰমতেই নতুন সংসাৰে পোখা মেলিলে ৬০ ৰ দেওনা গৰকা এহাল বৃদ্ধাৰ।দুয়োগৰাকীয়ে স্বামী আৰু স্ত্ৰীক হেৰুৱাৰ পাছত আশ্ৰয় গ্ৰহণ কৰিছিল বৃদ্ধাশ্ৰমত।

ইয়াৰপাছতে আশ্ৰমতে দুয়োজনৰ মাজত নতুন সপোনে নকৈ গজালি মেলিলে । সপোন দেখিলে নকৈ সংসাৰ গঢ়াৰ। সেয়াই আৰম্ভ আৰু শেষত সপোনে পূৰ্ণতা পায় বিয়াৰ ৰূপ ল’লে।

৬৭ বছৰীয়া দৰাগৰাকীৰ নাম কোচানিয়ন মেনন আৰু ৬৫ বছৰীয়া কইনাৰ নাম লক্ষ্মী অম্মাল। এই ঘটনাটো পিছে অসমৰ নহয় । ঘটনাটো কেৰালাৰ ত্ৰিশূৰ জিলাৰ ৰামাবৰ্মাপুৰমৰ।

এই বিয়াখনত উপস্থিত থাকে কৃষি মন্ত্ৰী ভি এছ শিৱকুমাৰ, ডিষ্ট্ৰিক্ট কালেক্টৰ এছ শনভাসো ।