গুৱাহাটী, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ : ৰাজ্যৰ বনবিভাগে অবৈধ বালিখনন ৰোধৰ ক্ষেত্ৰত এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে । বনবিভাগটোৱে কামৰূপ জিলাত অৱস্থিত ৫টাকৈ বৃহৎ বালি মহলত চলি থকা অবৈধ খনন শেহতীয়াকৈ ধৰা পেলাই উৎখাত কৰে।

মহলকেইটাত অভিযান পশ্চিম কামৰূপ সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰঞ্জন গোস্বামীৰ নিৰ্দেশত আৰু স্থানীয় আৰক্ষীৰ সহযোগত চলোৱা হয়। অভিযান কালত জব্দ কৰা হয় ৭খনকৈ এক্সেভেটৰ ।

ৱাইল্ডলাইফ ইনষ্টিটিউট অব ইণ্ডিয়াৰ প্ৰতিবেদনৰ ভিত্তিত এই স্থানত থকা বিলুপ্তপ্ৰায় শিহুৰ সংৰক্ষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কুলসী নৈৰ পাৰৰ এই মহলকেইটা বন্ধ ৰখা হৈছিল। এনে এক বিশেষ স্থানত অভিযান চলাই সফল হোৱা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। লগতে এই ক্ষেত্ৰত অধিক কঠোৰ হবলৈ নিৰ্দেশ দিছে বিভাটোৰ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি কোনো কাৰণতে ৰাজ্যৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰ্য তথা প্ৰাকৃতিক আৰু বনজ সম্পদৰ অবাধ বেহা ৰাজ্যখনত চলিবলৈ দিয়া নহব বুলিও মন্ত্ৰীগৰাকীয়ে সকলোকে সকীয়াই দিয়ে।