নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ : বিশিষ্ট সাহিত্যিক , সাংস্কৃতিক কৰ্মী ৰত্ন ওজা আৰু নাই। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা সাহিত্যিক গৰাকী মঙলবাৰে নিশা ১ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ।

১৯৩১ চনৰ ৫ ডিচেম্বৰত বৰপেটাত জন্মগ্ৰহণ কৰা ৰত্ন ওজাই অসমীয়া দৈনিক ‘শান্তিদূত’ কাকতত কৰ্মজীৱনৰ পাতনি মেলিছিল।

“কা” বিৰোধী অভিযানত লতাশিল আৰু চানমাৰীত হোৱা প্ৰতিবাদতো ভাগ লৈছিল সাহিত্যিক গৰাকীয়ে।

২০০৫ চনত নটসূৰ্য বঁটা লাভ কৰা সাহিত্যিক গৰাকীয়ে শিক্ষকতা হিচাপেও কৰ্মৰত আছিল। ১০০ খনতকৈও অধিক নাটো পৰিচালনা কৰিছিল সাংস্কৃতিক কৰ্মী গৰাকীয়ে। বিশিষ্ট সাহিত্যিক তথা সাংস্কৃতিক কৰ্মী ৰত্ন ওজাৰ দেহাৱসানত সাহিত্য তথা সাংস্কৃতিক জগতখনত গভীৰ শোকৰ ছাঁ পৰিছে।