মিৰ্জাৰ অজয় দাস, সংবাদ ৩৬৫, ১৩ মেঃ নিবনুৱচৰ আশাত চলিল বতাহ বৰষুণৰ তাণ্ডৱ চৰকাৰী চাকৰি বিচাৰি ফুৰা নিবনুৱাৰ আশাত নহয়, চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি নিজৰ চেষ্টা আৰু কষ্টৰ জড়িয়তে স্বাৱলম্বী হোৱা দক্ষিণ কামৰূপৰ কেইজনমান  নিবনুৱাৰ আশাত চলিল বতাহ বৰষুণৰ তাণ্ডৱ। কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা  বতাহ, বৰষুণৰ লগতে শিলাবৃষ্টিয়ে তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰিছে। বিভিন্ন অঞ্চলত প্ৰকৃতিৰ এই তাণ্ডৱ ফলত মানুহৰ ঘৰ দুৱাৰ ভাঙি পৰাৰ লগতে গছ গছনি বাগৰি পৰি বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয়। বতাহ, বৰষুণ আৰু শিলাবৃষ্টিয়ে ৰাজ্যৰ অন্যান্য অঞ্চলৰ তুলনাত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বিশেষ ক্ষতি সাধন কৰা দেখিবলৈ পোৱা গৈছে। প্ৰলয়ংকাৰী ধুমুহা বৰষুণে দক্ষিণ কামৰূপবাসী ৰাইজৰ জীৱনত অমানিশা নমাই অনাৰ লগতে পলাশবাৰী সমষ্টিৰ নৈপৰীয়া বেজৰটাৰী আৰু বৰটাৰী অঞ্চলৰ কেইজনমান নিবনুৱা যুৱকৰ বাবেও অমানিশা নমাই আনিছে। চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি পলাশবাৰীৰ সমষ্টিসৰ বিজুৰটাৰী আৰু বৰটাৰী অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকে কৃষি কৰ্মৰ জড়িয়তে স্বাৱলম্বী হোৱাৰ সপোন বুকুত লৈ তিনি হেজাৰ বিঘা মাটিত আৰম্ভ কৰিছিল কলৰ খেতি।  বিগত সময় চোৱাত এই শিক্ষিত নিবনুৱা যুৱক সকলে কল খেতিৰ জড়িয়তে কিছু টকা উপাৰ্জন কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি পৰিয়ালৰ লোকক পোহপাল দি আহিছিল। ৰাজ্যত বিগত কিছুদিন ধৰি হৈ থকা বতাহ, বৰষুণ আৰু শিলাবৃষ্টিয়ে এই নিবনুৱা যুৱক সকলৰ কলৰ খেতিৰ বিস্তৰ ক্ষতি সাধন কৰিছে। কল খেতিৰ প্ৰায় আধাৰো বেছি অংশ কালৰূপী বতাহ, বৰষুণ আৰু শিলাবৃষ্টিয়ে ভাঙি পেলোৱাৰ ফলত এই নিবনুৱা যুৱক সকল সম্মুখীন হ’ব লগীয়া হৈছে তীব্ৰ আৰ্থিক সংকটৰ। বেংকৰ পৰা ঋণ লৈ কল খেতি আৰম্ভ কৰা এই নিবনুৱা যুৱক সকলে বৰ্তমান মুৰে কপালে হাত দিছে। যুৱক সকলে কৃষিমন্ত্ৰীক ঘটনাস্থলী পৰিদৰ্শন কৰি তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰাৰ লগতে এই বৃহৎ কল খেতিক বীমাকৰন কৰাৰ ব্যৱস্থাও কৰি দিবলৈ অনুৰোধ জনাইছে।