আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৪ নৱেম্বৰ

২০২১ বৰ্ষৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ  হজ্জ যাত্ৰাৰ অনলাইন আবেদনৰ আহবান কৰা হৈছে। ১৮ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকে আবেদন জনাব পাৰিব।

এই সন্দৰ্ভত শিৱসাগৰ ষ্টেচন চাৰি আলিৰ অস্থায়ী হজ ভৱনৰ কাৰ্যালয়ত সমিতিৰ এখনি সভা  অনুষ্ঠিত হয়। সভাত শিৱসাগৰ জিলা হজ কমিটিৰ সম্পাদক আলহাজ্জ জুনু খানে ২০২১ বৰ্ষৰ হজ যাত্ৰা সন্দৰ্ভত আলোচনা কৰে। উল্লেখ্য যে, সমগ্ৰ বিশ্বতে কৰ’ণা মহামাৰীৰ বাবে ২০২০ বৰ্ষৰ হজ্জ যাত্ৰা বাতিল কৰা হৈছিল। সেয়ে যিসকল ব্যক্তিয়ে ২০২০ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আবেদন জনাই ধন জমা দিছিল সেই সকল ব্যক্তিক ইতিমধ্যে ধন ঘূৰাই দিয়া হৈছে। আনহাতে ২০২১ বৰ্ষৰ হজ যাত্ৰাৰ বাবে যোৱা৭ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে অনলাইন আবেদন কৰিব পাৰিব বুলি হজ কমিতিয়ে জানিবলৈ দিয়ে।

আগন্তুক হজ যাত্ৰাৰ বিষয়ে সবিশেষ জানিবলৈ শিৱসাগৰ জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে ৮১৩৫৮০৮৪৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।