গুৱাহাটী, সংবাদ ৩৬৫, ৪ মাৰ্চ: গুৱাহাটী মহানগৰীৰ ৰাজপথত দেওবাৰে পুৱা মোহময়ী অভিনেত্ৰী তথা নগাঁও জিলাৰ বটদ্ৰৱৰ পৰা বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাক দেখা গল বাইকাৰ্ছৰ ৰূপত। দেওবাৰে পুৱা আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে প্ৰাগ নিউজে আয়োজন কৰা এক মহিলা বাইক ৰেলিত ভাগলৈ আঙুৰলতা ডেকাই চলালে বাইক। মহিলা সুৰক্ষা আৰু সাৱলীকৰণৰ উদ্দেশ্যে আয়োজন কৰা এই বাইক ৰেলি পুৱা ৮ বজাত মহানগৰীৰ নেহৰু পাৰ্কৰ পৰা আৰম্ভ কৰা হয়। নেহৰু পাৰ্কৰ পৰা এই বাইক ৰেলি মহানগৰীৰ বিভিন্ন স্থানহৈ মৰিগাঁও জিলাৰ মায়ংৰ ছনকা ইক কেম্পত সমাপ্ত হব। অভিনেত্ৰী তথা বিধায়িকা আঙুৰলতাৰ লগতে প্ৰায় ১০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰা এই বাইক ৰেলিত অংশগ্ৰহণ কৰি আঙুৰলতাই নাৰীসকলক সজাগ, সচেতন আৰু সাৱলীকাৰণৰ দিশত চৰকাৰৰ লগত একলগ হৈ আগুৱাই যাবলৈ আহ্বান জনায়।