মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

১৩ নৱেম্বৰ

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস বৃহস্পতিবাৰে বিটিচিৰ ৩ নম্বৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তৰ হৈ প্ৰচাৰ চলাবলৈ আহি কেতবোৰ ব্যক্তি কেন্দ্ৰিক আৰু উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছিল। ৰঞ্জিত দাসে উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা এআইইউডিএফ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী সজল সিংহক লক্ষ্য কৰি লৈ আপত্তিজনক আৰু ধৰ্মীয়ভাৱে আঘাত কৰি বক্তব্য প্ৰদান কৰাকলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সাংবাদিক আগত সজল সিংহই কয় যে বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰা বিজেপিৰ ইমানেই শোচনীয় হ’ল নেকি যে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন দিব লগা হ’ল।।নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহি ৰঞ্জিত দাসে হিন্দু-মুছলমান, পাকিস্তান আদি উগ্ৰ সাম্প্ৰদায়িক ভাষণ দি উক্ত সমষ্টিৰ ৰাইজৰ মাজত এক মেৰু বিভাজনৰ অপপ্ৰয়াস চলাইছে যদিও শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজে ইতিমধ্যে কাক ভোট দিলে সমষ্টিৰ প্ৰকৃত উন্নয়ন হ’ব সেয়া থিৰাং কৰি লৈছে। উক্ত সমষ্টিৰ ১২ গৰাকী প্ৰাৰ্থীৰ মাজত যে সজল সিংহ অপ্ৰতিদ্বন্বি সেয়া বুজি পাই ৰঞ্জিত দাসে কেৱল মোৰ নাম লৈ মিছা আৰু উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে। দলৰ পৰা মনোনীত নোহোৱা এগৰাকী প্ৰাৰ্থীৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কিহৰ স্বাৰ্থত তেওঁৰ হৈ ওকালতি কৰি আছে সেয়া ভোটাৰে ৰাইজে গম পায়।ৰঞ্জিত দাসৰ কথাত কোনেও এই নিৰ্দল প্ৰাৰ্থীক ভোট নিদিয়ে বুলি দাবী কৰি সজল সিংহই প্ৰত্যাহ্বান জনাই কয় সঞ্জীৱ দত্তই নিকটতম প্ৰতিদ্বন্দী হ’লেও তেওঁ ৰাজনীতি এৰি দিব আন কি অসমৰ ত্যাগ কৰিব বুলি সাংবাদিক তথা শ শ ৰাইজৰ আগত ঘোষনা কৰে। সমাজ জীৱনৰ লগত কোনো সম্পৰ্ক নথকা এগৰাকী প্ৰাৰ্থীৰ হৈ ৰঞ্জিত দাসে কিয় অপপ্ৰচাৰ চলাই আছে এইটোৱে এতিয়া সচেতন ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।তেওঁ পুনৰ কয় যে ৰঞ্জিত দাস কট্টৰ হিন্দু বাঙালী বিৰোধী। তেওঁ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দুগৰাকী বাঙালীৰ মাজত কাজিয়া লগাই তৃতীয় কোনোবাক লাভান্বিত কৰাৰ বাবেই মোৰ বিৰুদ্ধে এনেদৰে ব্যক্তিগত আক্ৰমন কৰিছে। ইয়াৰ দ্বাৰা কিন্ত লাভ নহ’ব বৰঞ্চ তেওঁৰ এই সাম্প্ৰদায়িক মন্তব্যৰ কাৰনে মোৰ বহুতো লাভ হ’ল বুলি কয় সজল সিংহই। তেওঁ তুলসীবিলৰ মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভত কয় যে ৰঞ্জিত দাস তথা বিজেপি দল যদি ইমানে বাঙালীপ্ৰেমী তেনেহ’লে কোকৰাঝাৰ জিলাৰ তুলসীবিলৰ বাসিন্দা তথা বাঙালী জনগোষ্ঠীৰ পাঁচগৰাকী লোকৰ একেলগে কৰুন আত্মহত্যাৰ ঘটনা লৈ বিজেপি দলৰ নেতা মন্ত্ৰী আন কি বিজেপিৰ স্থানীয় নেতা-পালিনেতা সকল আজিলৈ কিয় নিৰৱ? বিজেপি দলটোৱে কেৱল ধৰ্ম-জাত পাত আৰু ধৰ্মীয় মেৰুবিভাজন তথা বিভেদৰ ৰাজনীতি কৰি কেৱল ভোট আদায় কৰে বুলিও মন্তব্য প্ৰকাশ কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে সজল সিংহই। গনতন্ত্ৰপ্ৰেমী ৰাইজ বিশেষ কৈ শ্ৰীৰামপুৰ সমষ্টিৰ ভোটাৰে এইবোৰ খেল বুজি পায়। নিৰ্দলীয় প্ৰাৰ্থীজনে কিয় আৰু কাৰ স্বাৰ্থত ভোট যুজত নামিছে সেই সম্পৰ্কেও ইয়াৰ সচেতন ৰাইজে অৱগত। গতিকে ৰঞ্জিত দাস কিয় বিজেপিৰ আন শীৰ্ষ নেতা আনকি প্ৰধান মন্ত্ৰী নিজে আহি এই নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ ভোট বিচাৰিলেও তেওঁৰ জামানত জব্দ হোৱাটো নিশ্চিত বুলি দাবী কৰে।

সজল সিংহৰ কাম কাজ আৰু আদৰ্শ চাই ৰাইজক সিদ্ধান্ত ল’বলৈ তেওঁ আহ্বান জনায়। বিটিআৰ নিৰ্বাচনত তেওঁ অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ পথটো ৰঞ্জিত দাসে আৰু মসৃন কৰি দিলে বুলি মন্তব্য কৰে সজল সিংহই। ৰঞ্জিত দাসৰ উচটনিমূলক মন্তব্যত উক্ত সমষ্টিৰ শান্তিপূৰ্ণ পৰিৱেশ যাতে বিঘ্নিত নহয় তাৰ বাবে সকলোকে সংযমী হৈ শান্তিপূৰ্ণভাৱে ভোট পৰ্ব সমাধা কৰাৰ বাবেও ৰাইজক অনুৰোধ জনায় সজল সিংহই।