শিলচৰ

২৯ জুলাই

কাছাৰ বন বিভাগৰ বৃহৎ সাফল্য। সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিলে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ বহু বন্যপ্ৰাণী। মিজৰামৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বাহনৰ পৰা উদ্ধাৰ বন্যপ্ৰাণী সমূহ। দুজন সৰবৰাহকাৰীক আটক কৰি বন বিভাগৰ তদন্ত আৰম্ভ।

মঙলবাৰে নিশা কাছাৰ বন বিভাগৰ জালত পৰিল বিদেশী বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত এক আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণীৰ চোৰাং চক্ৰৰ দুজন লোক। নিশা প্ৰায় ১১.৩০ বজাত লাইলাপুৰ বন শিবিৰৰ ওচৰত বন বিভাগে টি এছ-০৮-ইউ বি-১৬২২ নম্বৰৰ এখন ট্ৰাকত তালাচি চলাই অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ বহু বন্যপ্ৰাণী উদ্ধাৰ কৰে। ট্ৰাকখনৰ পৰা ১টা কেংগেৰু, ৬টা মেকাও ভাটৌ চৰাই, ৩টা কাছ আৰু ২টা বান্দৰ উদ্ধাৰ কৰে। বন বিভাগৰ লোকে ট্ৰাকখন জব্দ কৰাৰ লগতে বন্যপ্ৰাণী সমূহ সৰবৰাহৰ লগত জড়িত নৰছিমহা ৰেডী আৰু নাৱনাথ তোকাৰাম দাইগুডে নামৰ দুজন লোকক আটক কৰিছে। বন বিভাগৰ লোকে সৰবৰাহকাৰী দুজনক জেৰা কৰাত সৰবৰাহকাৰী দুজনে জানিবলৈ দিয়ে যে বন্যপ্ৰাণী সমূহ তেওঁলোকে গুৱাহাটীলৈ নিয়াৰ চেষ্টা চলাইছিল। কাছাৰ বন বিভাগৰ বিষয়া উত্তম দাসৰ নেতৃত্বত চলা তালাচি অভিযানত বন্যপ্ৰাণী সমূহ উদ্ধাৰ হৈছে।

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত নিশাৰ ভাগত ৰাজ্যজুৰি চলি থকা সন্ধ্যা আইনৰ সুযোগ গ্ৰহণ কৰি বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত চক্ৰটোৱে বিদেশী বন্যপ্ৰাণীৰ সৰবৰাহ চেষ্টা চলাইছিল বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে। বন বিভাগে অধিক তথ্যৰ বাবে বৰ্তমান সৰবৰাহকাৰী দুজনক জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।